অপাৰেশ্বন সিন্দুৰ স্থগিতহে ৰখা হৈছে, বন্ধ হোৱা নাই আৰু পাকিস্তানে সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰিলেই উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। এই অভিযান কেৱল এটা নাম নহয়, বৰং ৰাষ্ট্ৰৰ সামূহিক আবেগৰ এটা শক্তিশালী প্রতীক বুলিও শ্রী মোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে অপাৰেশ্বন সিন্দূৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি কালি দিয়া ভাষণত এই কথা উল্লেখ কৰি কয়, যে সিন্দুৰ অভিযান হৈছে ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। তেওঁ কয়, যে চার্জিকেল স্ট্রাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পাছত অপাৰেশ্বন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নতুন নীতি। তেওঁ কয়, যে কোনো ধৰণৰ পাৰমাণৱিক ভয়-ভাবুকি আৰু সন্ত্ৰাসবাদী আক্ৰমণ সহ্য কৰা নহ’ব আৰু পাকিস্তানে সন্ত্ৰাসবাদী আক্ৰমণ কৰিলে ভাৰতে প্ৰচণ্ড প্রত্যাক্রমণ কৰিব।
সন্ত্রাসবাদীক প্রশ্রয় দিয়া অথবা সহায় কৰা সকলকো সন্ত্ৰাসবাদীৰ শাৰীতেই ধৰা হ’ব বুলিও তেওঁ কয়। অপাৰেচন সিন্দূৰ পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নব্য নীতি বুলি উল্লেখ কৰি তেওঁ কয়, যে সন্ত্রাসবাদ আৰু আলোচনা একেলগে চলিব নোৱাৰে।
সশস্ত্র বাহিনীয়ে এই অভিযানৰ জৰিয়তে এশৰো অধিক সন্ত্ৰাসবাদীক নিঃশেষ কৰে বুলি উল্লেখ কৰি শ্রীমোদীয়ে ভাৰতে সন্ত্ৰাসবাদীৰ মূল কেন্দ্ৰটোকে ধ্বংস কৰিলে বুলি মন্তব্য কৰে। তেওঁ কয় যে সন্ত্রাসবাদক নির্মূল কৰিবৰ বাবে ভাৰত চৰকাৰে সেনা বাহিনীক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে। প্রধানমন্ত্রী মোদীয়ে কয়, যে এই যুগ যুদ্ধৰ নহয়, কিন্তু এই যুগ সন্ত্ৰাসবাদৰো নহয়। সন্ত্ৰাসবাদী আন্তঃগাথনি ধ্বংস কৰাৰ পাকিস্তানৰ কোনো বিকল্প নাই বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ভাৰত আৰু পাকিস্তানৰ মাজত পৰৱৰ্তী সময়ত আলোচনা হলে কেৱল সন্ত্ৰাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্দৰ্ভৰ্তহে আলোচনা হ’ব বুলি শ্রীমোদীয়ে স্পষ্ট কৰি দিয়ে। তেওঁ কয়, যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই এখন উন্নত বিশ্বৰ নিশ্চয়তা দিয়ে। তেওঁ লগতে পাকিস্তানী সেনা আৰু পাকিস্তান চৰকাৰে যিদৰে সন্ত্ৰাসবাদৰ পোষকতা কৰি আহিছে আৰু ইয়েই এদিন দেশখনৰ ধ্বংসৰ কাৰণ হ’ব বুলি সতৰ্ক কৰি দিয়ে । প্ৰধানমন্ত্ৰীয়ে সশস্ত্র সেনাবাহিনী, চোৰাংচোৱা সংস্থা আৰু বিজ্ঞানীসকলক কৃতজ্ঞতা জনাই সেনাবাহিনীৰ এই পৰাক্ৰম আৰু শৌৰ্য্য দেশৰ প্ৰতিগৰাকী মা-ভগ্নী আৰু জীয়ৰীৰ নামত সমৰ্পন কৰে।