ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 7, 2025 1:22 PM | PM Modi

printer

ভাৰতৰ নদীসমূহৰ পানী দেশৰ হিতৰ বাবে ব’ব, দেশৰ উপকাৰতে সংৰক্ষণ কৰা হ’ব আৰু দেশৰ প্ৰগতিৰ বাবে ব্যৱহাৰ কৰা হ’ব- প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰতৰ নদীসমূহৰ পানী দেশৰ হিতৰ বাবে ব’ব, দেশৰ উপকাৰতে সংৰক্ষণ কৰা হ’ব আৰু দেশৰ প্ৰগতিৰ বাবে ব্যৱহাৰ কৰা হ’ব। নতুন দিল্লীত কালি এটা ব্যক্তিগত টিভি চেনেলৰ সন্মিলনত প্রধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰি কয়, যে ভাৰতৰ নদীসমূহৰ বিপুল পৰিমাণৰ পানী সীমান্তৰ বাহিৰলৈ বৈ যায়। তেওঁ কয়, যে এতিয়াৰে পৰা ভাৰতৰ পানী নিজ দেশৰ ভিতৰতে থাকিব আৰু দেশৰ উন্নয়নৰ বাবে এই পানী ব্যৱহাৰ কৰা হ’ব। নদী আন্তঃসংযোগৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি শ্রীমোদীয়ে কয়, যে কেইবা দশক ধৰি নদীৰ পানীক লৈ জলবিবাদ হৈ আহিছে। তেওঁ কেন-বেটৱা সংযোগ প্ৰকল্প আৰু পাৰ্বতী-কালীসিন্ধ-সম্বল সংযোগ প্ৰকল্পৰ দৰে গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ কথা উল্লেখ কৰি কয়, যে এনে ধৰণৰ পদক্ষেপসমূহে পানীৰ সুবিধা নিশ্চিতকৰণৰ জৰিয়তে লাখ লাখ কৃষকক উপকৃত কৰিব।

প্রধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তি প্ৰশংসা কৰি কয়, যে এই চুক্তিয়ে অর্থনৈতিক কার্যকলাপ বৃদ্ধি কৰাৰ উপৰি ভাৰতীয় ব্যৱসায়ী তথা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ বাবে সুযোগ সৃষ্টি কৰিব। ভাৰতে সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু মৰিচাচৰ সৈতেও বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ কয়, যে ভাৰতে বিশ্ব বাণিজ্যৰ সৈতে সক্রিয়ভাৱে জড়িত হৈ দেশক আগশাৰীৰ ব্যৱসায় আৰু বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে। বিগত ১০-১১ বছৰত তেওঁৰ চৰকাৰে বহু দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত নির্ণায়ক ভূমিকা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিত্তীয় খণ্ডৰ ভালেমান উদাহৰণ দাঙি ধৰে। শ্ৰীমোদীয়ে মুম্বাইত অনুষ্ঠিত শেহতীয়া ৱেৱছ সন্মিলনৰ কথা উল্লেখ কৰি বিগত ৩ বছৰত কেৱল ইউ টিউৱৰ পৰাই ভাৰতীয় কনটেণ্ট ক্রিয়েটৰসকলে ২১ হাজাৰ কোটি টকা লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।