প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ ঘূৰি আহিছে। জম্মু-কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে শ্রীমোদীয়ে স্বদেশলৈ ঘূৰি অহাৰ সিদ্ধান্ত লয়। প্রধানমন্ত্ৰীৰাকী তেওঁৰ এই ভ্ৰমণ সামৰি আজি নিশা ঘূৰি অহাৰ কথা আছিল। পশ্চিম এছিয়াৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰীৰ ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰণি পৰা সত্বেও তেওঁৰ এই ভ্ৰমণ ভালেমান ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হয়। শ্ৰীমোদী আৰু ছৌদি আৰৱৰ যুৱৰাজ মহম্মদ বিন চলমানে শক্তি, প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, প্রযুক্তি, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি সহযোগিতাৰ বিভিন্ন খণ্ডৰ পৰ্যালোচনা কৰে। দুয়োগৰাকী নেতাই ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিড’ৰ সন্দৰ্ভতো আলোচনা কৰে। তদুপৰি এই দ্বিপাক্ষিক আলোচনাত মহাকাশ, স্বাস্থ্য আৰু মাদক দ্ৰৱ্য বিৰোধী খণ্ডকে ধৰি চাৰিখন গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰা হয়। দ্বিপাক্ষিক সম্পৰ্কৰ গভীৰতাক অনুধাবন কৰি কৌশলগত অংশীদাৰিত্ব পৰিষদ দুইৰ পৰা চাৰিখন সমিতিলৈ বৃদ্ধি কৰাটো হৈছে এই ভ্ৰমণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। দুয়োগৰাকী নেতাই বিনিয়োগৰ ক্ষেত্ৰত যুটীয়া উচ্চ পৰ্যায়ৰ কার্যবাহিনীৰ অগ্ৰগতিৰ আদৰণি জনায়। ছৌদি আৰৱে শক্তি, পেট্’কেমিকেল, আন্তঃগাঁথনি, প্ৰযুক্তি আৰু ফিনটেককে ধৰি ভাৰতৰ বিভিন্ন খণ্ডত বিনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনত বসবাস কৰা ২৭ লাখ ভাৰতীয় লোকৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে যুৱৰাজ মহম্মদ বিন চলমানৰ শলাগ লয়।