সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ ঘূৰি আহিছে। শ্রীমোদীয়ে দিল্লীৰ বিমানবন্দৰতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল, বিদেশ সচিব বিক্রম মিশ্ৰী আৰু অন্যান্য বিষয়াসকলৰ সৈতে এখন উচ্চ পর্যায়ৰ বৈঠকত মিলিত হৈ শেহতীয়া পৰিস্থিতিৰ বুজ লয়।
সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে যোৱা নিশা শ্ৰীনগৰত শীৰ্ষ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে আজি উপ-ৰাজ্যপাল মনোজ সিনহাৰ সৈতে সন্ত্রাসবাদী আক্ৰমণৰ এলেকাটো পৰিদৰ্শন কৰিব। তেওঁ লগতে এই আক্ৰমণৰ প্ৰত্যক্ষদৰ্শীৰ সৈতে কথা-বতৰা হোৱাৰ লগতে চিকিৎসাধীন অৱস্থাত থকা আহতসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে শ্ৰীনগৰৰ পৰা প্ৰায় ৮৫ কিলোমিটাৰ নিলগৰ দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগামৰ বেইচৰণ বনাঞ্চলত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন বিদেশী পৰ্যটক আৰু দুজন কাশ্মীৰী লোককে ধৰি ২৬ জন পৰ্যটকৰ মৃত্যু হয়।
পহলগামৰ এই সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদ জনাই জম্মু-কাশ্মীৰ ব্যৱসায় আৰু বাণিজ্য সংগঠনসমূহে আজি কাশ্মীৰ বন্ধ ঘোষণা কৰিছে। আমাৰ জন্মৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি ভালেমান ধর্মীয় সংস্থাইও এই বন্ধৰ সমৰ্থন কৰিছে।