ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 28, 2025 12:44 PM | PM

printer

নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত আজি জাহা এ-খুছৰু ২০২৫ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত জাহা এ-খুছৰু ২০২৫ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ছুফী সংগীতৰ এই বিশাল মহোৎসৱৰ এইবাৰ ২৫ বছৰ উদযাপন কৰা হৈছে। আজিৰে পৰা দুদিনীয়কৈ আয়োজিত এই মহোৎসৱত আমিৰ খুশ্ৰুৰ পৰম্পৰা উদযাপনৰ উদ্দেশ্যে বিশ্বৰ ভিন্ন প্ৰান্তৰ বহুতো শিল্পীৰ সমাগম ঘটিব। বিখ্যাত চিত্র নির্মাতা তথা শিল্পী মুজাফ্ফৰ আলীয়ে ২০০১ চনত এই সংগীত মহোৎসৱৰ শুভাৰম্ভ কৰিছিল। মহোৎসৱৰ সময়ত শ্রীমোদীয়ে এখন জিলা- এটা শিল্প নীতিৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ চিত্ৰকলা, চুটী ছবি আৰু হস্তশিল্প প্রদর্শিত হ’বলগীয়া টেহ বাজাৰো পৰিদৰ্শন কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।