ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 7, 2024 7:00 PM | PM Modi

printer

চৰকাৰে বিগত দশকত শিক্ষা খণ্ডৰ গুণগত পৰিৱৰ্তনৰ দিশত গুৰুত্ব আৰোপ কৰিছিল বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে তেওঁৰ চৰকাৰে বিগত দশকত শিক্ষা খণ্ডৰ গুণগত পৰিৱৰ্তনৰ দিশত গুৰুত্ব আৰোপ কৰিছিল। কিউএছ বিশ্ব বিশ্ববিদ্যালয় ৰেংকিঙত জি-১ -২০ দেশসমূহৰ ভিতৰত বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত ভাৰতে সৰ্বাধিক বৃদ্ধি পঞ্জীয়ন কৰাৰ পিছতে তেওঁৰ এই বক্তব্য প্ৰকাশ পাইছে। এই ক্ষেত্ৰত ভাৰতৰ বৃদ্ধিৰ হাৰ হৈছে ৩১৮ শতাংশ। এটা ছচিয়েল মিডিয়া পোষ্টত, প্রধানমন্ত্ৰীয়ে ছাত্র-ছাত্রী, অধ্যাপক আৰু প্রতিষ্ঠানসমূহক তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে প্ৰশংসা কৰে। তেওঁ তৃতীয় কাৰ্যকালত গৱেষণা আৰু উদ্ভাৱনক উন্নীত কৰাৰ বাবে অধিক কাম কৰাৰ প্ৰতিশ্ৰুতিৰ বিষয়ে দোহাৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।