ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 21, 2024 11:58 AM | PM Modi

printer

ভাৰত সদায় কেৰীকম সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে থিয় দি আহিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

ভাৰত কোভিড অথবা প্রাকৃতিক বিপর্যয়েই হওক বা উন্নয়নমূলক বিষয়েই হওক সদায় কেৰীকম সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে থিয় দি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গায়ানাৰ জৰ্জটাউনত যোৱানিশা দ্বিতীয় ভাৰত-কেৰীকম শীর্ষ সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে, এই সন্মিলন ৫ বছৰৰ মূৰত অনুষ্ঠিত হৈছে আৰু এই ৫ বছৰত বিশ্বৰ আমূল পৰিৱৰ্তন হৈছে। এই সময়ছোৱাত মানৱজাতি কেতবোৰ বৃহৎ জটিলতাৰ সন্মুখীন হৈছে আৰু ইয়াৰ ফলত গ্ল’বেল ছাউথ ৰূপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত ৰাষ্ট্ৰসমূহ বেয়াকৈ প্ৰভাৱিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। শ্রীমোদীয়ে কয় যে, ভাৰতে সদায় কেৰীকম ৰাষ্ট্ৰসমূহৰ সৈতে একেলগে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ চেষ্টা কৰি আহিছে। শ্রীমোদীয়ে বেৰীল নামৰ ধুমুহাৰ ফলত কেৰিবীয় অঞ্চলত হোৱা ক্ষয়-ক্ষতিৰ বাবে ভাৰতৰ জনসাধাৰণৰ হৈ গভীৰ শোক প্ৰকাশ কৰে।