ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 2, 2024 12:10 PM | PM Modi

printer

ভুৱা প্ৰতিশ্ৰুতি প্ৰদানৰ বিষয় লৈ কংগ্ৰেছক তীব্র সমালোচনা প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভুৱা প্ৰতিশ্ৰুতি প্ৰদানৰ বিষয় লৈ কংগ্ৰেছক তীব্র সমালোচনা কৰে। শ্রীমোদীয়ে সামাজিক মাধ্যম যোগে এই বুলি অভিযোগ তোলে যে, দেশৰ জনসাধাৰণে কংগ্ৰেছৰ হকে ভোটদান কৰা মানে অপশাসন, বেয়া অৰ্থব্যৱস্থা আৰু লুণ্ঠনৰ হকে ভোটদান বুলি অনুভৱ কৰিবলৈ লৈছে। তেওঁ কয় যে, জনসাধাৰণে কংগ্ৰেছৰ পুৰণি ভুৱা প্ৰতিশ্ৰুতি নহয় বৰং উন্নয়ন আৰু প্ৰগতিহে বিচাৰে। জনসাধাৰণে কংগ্ৰেছৰ পৃষ্ঠপোষকতা প্রাপ্ত ভুৱা প্ৰতিশ্ৰুতিৰ সংস্কৃতিৰ বিৰুদ্ধে সতৰ্ক হৈ থকা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে, হাৰিয়ানাৰ জনসাধাৰণে এনে ধৰণৰ ভুৱা প্ৰতিশ্ৰুতি প্ৰত্যাখ্যান কৰিছে আৰু এখন স্থিৰ প্ৰগতিশীল আৰু কর্মমুখী চৰকাৰ বাছনি কৰিছে।