ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 6, 2024 8:52 PM | PM Modi

printer

ৰাষ্ট্ৰপতি ভৱনৰ পৰা হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰ্য্যালোচনা

নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে শপত লোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনৰ পৰা হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্য্যালোচনা চলোৱা হয়। তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় জাজু, প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্য্যবাহী বিষয়া গৌৰৱ দ্বিবেদী, আকাশবাণীৰ সঞ্চালক প্রধান মৌচুমী চক্ৰৱৰ্তী, দূৰদৰ্শনৰ সঞ্চালক প্রধান কাঞ্চন প্ৰসাদকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ বিষয়াই আজি শপত গ্রহণ অনুষ্ঠানৰ সম্প্ৰচাৰ সন্দৰ্ভত পৰ্য্যালোচনা চলায়। উল্লেখযোগ্য যে, এন ডি এৰ সদস্যসকলে কালি নৰেন্দ্ৰ মোদীক দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী আৰু মিত্ৰজোটৰ নেতা হিচাপে সর্ব সম্মতিক্রমে নিৰ্বাচিত কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।