ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 14, 2024 8:40 PM | PM Modi

printer

কাইলৈ ঝাৰখণ্ডৰ জামছেদপুৰত ৬ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ঝাৰখণ্ডৰ জামছেদপুৰৰ টাটা নগৰ ৰেলৱে ষ্টেচনৰ পৰা পতাকা জোকাৰি ৬ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই ৰেলগাড়ীসমূহে ঝাৰখণ্ডক অন্য ৰাজ্যৰ সৈতে সংযুক্ত কৰিব। ৰেল নেটৱৰ্কৰ আধুনিকীকৰণ আৰু ঝাৰখণ্ড তথা চুবুৰীয়া ৰাজ্যসমূহৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা প্ৰয়াসৰ অংশ হিচাপে এই ৰেলগাড়ীসমূহৰ যাত্ৰা শুভাৰম্ভ কৰা হব। অনুষ্ঠানত ঝাৰখণ্ডৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰেল প্ৰকল্পৰ শুভাৰম্ভ কৰা হব । ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বন্দে ভাৰত ৰেলগাড়ীসমূহৰ যাত্ৰাৰ শুভাৰম্ভ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি টাটা নগৰ ৰেল ষ্টেচন পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ গোপাল ময়দানত এখন জনসভাকো সম্বোধন কৰিব। সভাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ভল্টাছ ঘূৰণীয়া পথ বিভাজকৰ পৰা গোপাল ময়দানলৈকে প্রায় ডেৰ কিলোমিটাৰ দীঘলীয়া ৰোড শ্বত অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।