প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত জার্মান চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জক সাক্ষাৎ কৰি সবৰমতী আশ্ৰম পৰিদৰ্শন কৰাৰ লগতে আহমেদাবাদত আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱত অংশ ল‘ব। গান্ধীনগৰৰ মহাত্মা মন্দিৰত প্ৰধানমন্ত্ৰী আৰু চেঞ্চেলৰ মাৰ্জে ভাৰত-জার্মানী কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। ভাৰত আৰু জার্মানীৰ মাজৰ কৌশলগত সহযোগিতাই শেহতীয়াকৈ ২৫ বছৰ সম্পূৰ্ণ কৰিলে। উল্লেখযোগ্য যে, জার্মান চেঞ্চেলৰ গৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণ মর্মে দুদিনীয়া ভ্রমণসূচীৰে কালি ভাৰতত উপস্থিত হয়। শ্রীমাৰ্জৰ এই ভ্রমণে ভাৰত-জার্মান সম্পর্কত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। দুয়োগৰাকী নেতাই বাণিজ্য-বিনিয়োগ আৰু উন্নত প্ৰযুক্তিৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে প্ৰতিৰক্ষা, সেউজ বহনক্ষম বিকাশ তথা বিজ্ঞান আৰু গৱেষণা ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত দ্বিপাক্ষিক আলোচনাত মিলিত হ‘ব।
Site Admin | January 12, 2026 11:59 AM | PM Modi
প্রধানমন্ত্রী আৰু জার্মান চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জৰ আহমেদাবাদৰ সবৰমতী আশ্ৰম পৰিদৰ্শন