জার্মানীৰ চেঞ্চেলৰ ফ্রেড্ৰিক মার্জ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণ মর্মে ১২ আৰু ১৩ জানুৱাৰীত ভাৰত ভ্রমণলৈ আহিব। চেঞ্চেলৰ মাৰ্জৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ভ্রমণ কালত চেঞ্চেলৰগৰাকীয়ে আহমেদাবাদ আৰু বেংগালুৰুলৈ যাব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্রকাশ কৰিছে। ১২ জানুৱাৰীত তেওঁক প্রধানমন্ত্রীয়ে আহমেদাবাদত আদৰণি জনাব। দুয়োগৰাকীয়ে নেতাই ভাৰত আৰু জার্মানীৰ কৌশলগত সহযোগিতাৰ বিভিন্ন দিশৰ প্রগতি সন্দৰ্ভত আলোচনা কৰিব। যোৱা বছৰ উভয় ৰাষ্ট্ৰৰ সহযোগিতামূলক কাৰ্যসূচীয়ে ২৫ বছৰ সম্পূৰ্ণ কৰিলে। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্রযুক্তি, শিক্ষা, দক্ষতা বিকাশ আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্বন্ধ, বিজ্ঞান, প্ৰতিৰক্ষা, উদ্ভাৱণ আৰু গৱেষণা, সেউজ আৰু বহনক্ষম বিকাশৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডত সহযোগিতা বৃদ্ধি সম্পর্কেও পর্যালোচনা কৰিব। প্রধানমন্ত্রী মোদী আৰু চেঞ্চেলৰ মাৰ্জে বাণিজ্য আৰু উদ্যোগ জগতৰ নেতৃবৰ্গৰ সৈতেও বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত মত বিনিময় কৰিব। চেঞ্চেলৰগৰাকীৰ এই ভ্রমণে অনাগত সময়ত ভাৰত আৰু জার্মানীৰ সহযোগিতা অধিক সুদৃঢ় কৰাৰ লগতে উভয় ৰাষ্ট্ৰৰ জনসাধাৰণক উপকৃত কৰিব।
Site Admin | January 6, 2026 12:08 PM | PM Modi
প্রধানমন্ত্রীৰ আমন্ত্রণ মর্মে ১২ আৰু ১৩ জানুৱাৰীত ভাৰত ভ্রমণলৈ আহিব ফ্রেড্ৰিক মার্জ