January 2, 2026 11:29 AM | PM Modi

printer

কাইলৈ নতুন দিল্লীত পবিত্ৰ পিপৰহৱা অৱশেষৰ প্রদর্শনী উদ্বোধন প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্ৰ পিপৰহৱা অৱশেষৰ প্রদর্শনী উদ্বোধন কৰে। উনবিংশ শতিকাৰ শেষ ভাগত আৱিষ্কৃত পিপৰহৱা অৱশেষ শাক্য বংশৰ প্ৰতিষ্ঠাতা গৌতম বুদ্ধৰ সৈতে জড়িত বুলি বিশ্বাস প্রচলিত হৈ আহিছে। এই অৱশেষৰ স্বদেশলৈ প্ৰত্যাৱৰ্তন আৰু ৰাজহুৱা প্রদর্শনীয়ে দেশৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু বুদ্ধৰ শিকণিসমূহত নিহিত শান্তি, কৰুণা আৰু জ্ঞানৰ সাৰ্বভৌম প্ৰমূল্যৰাজী প্ৰসাৰৰ নিৰন্তৰ প্ৰচেষ্টাকে প্রতিফলিত কৰে।

সাংস্কৃতিক মন্ত্রালয়ে এই প্রদর্শনীক দেশৰ সাংস্কৃতিক আৰু কূটনৈটিক ইতিহাসৰ এটা উল্লেখযোগ্য ক্ষণ বুলি অভিহিত কৰিছে। বিশ্বৰ বৌদ্ধ ধর্মাৱলম্বী লোকসকলে এই অৱশেষক বিশেষ সন্মান দি আহিছে। সাংস্কৃতিক মন্ত্রালয়ে পদ্মালোকঃ আধ্যাত্মিকভাৱে জাগ্ৰত ব্যক্তিৰ অৱশেষ নামেৰে আয়োজন কৰা এই সাংস্কৃতিক প্রদর্শনীত পিপৰহৱা অৱশেষৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব।