প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি পশ্চিমবংগৰ নাডিয়া জিলাৰ ৰাণাঘাটত প্রায় তিনি হাজাৰ দুশ কোটি টকা মূল্যৰ দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প মুকলি কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্রীয়ে নাডিয়া জিলাৰ ৩৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰজাগুলি কৃষ্ণনগৰ সংযোগী ৬৪ দশমিক সাত কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথছোৱা মুকলি কৰে। তেওঁ লগতে উত্তৰ চৌবিশপৰগণা জিলাৰ ৩৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাছাত বৰ্জাগুলী সংযোগী ১৭ দশমিক ছয় কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথছোৱাৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভকৰে। এই প্রকল্পকেইটাই কলকাতা আৰু শিলিগুড়িৰ মাজৰ সংযোগ সাধনত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। ইয়াৰ ফলত ঠাই দুখনৰ যাত্ৰাৰ সময় প্রায় দুঘণ্টা হ্রাস পাব। এই প্রকল্পকেইটাই অঞ্চলটোৰ অর্থনৈতিক উন্নয়নত সহায় কৰাৰ লগতে পর্যটনখণ্ডৰ বিকাশত প্রভাৱ পেলাব। কলকাতাৰ পৰা আজি ফোনযোগে নাডিয়া জিলাৰ তাহেৰপুৰত পৰিবৰ্তন সংকল্প সভাত ভাষণ দি প্রধানমন্ত্রীয়ে ৰাজ্যখনত শাসকীয় দলৰ দুর্নীতি, স্বজনপ্রীতি আদিয়ে বিকাশত বাধা আৰোপ কৰিছে বুলি অভিযোগ তোলে। শ্রী মোদীয়ে কয়, যে ৰাজনৈতিক বিৰোধিতাক লৈ বিজেপিৰ কোনো আপত্তি নাই কিন্তু তৃণমূল কংগ্রেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে উন্নয়নত বাধাৰ সৃষ্টি কৰিছে। মমতা বেনাৰ্জীৰ নেতৃত্বত দলটোৱে অনুপ্ৰৱেশকাৰীসকলক চিনাক্তকৰণ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি আহিছে বুলি তেওঁ অভিযোগ তোলে।
Site Admin | December 20, 2025 7:49 PM | PM Modi
পশ্চিমবংগৰ নাডিয়াত আজি প্ৰধানমন্ত্ৰীৰ দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প মুকলি আৰু আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন