প্রধানমন্ত্রী নৰেন্দ্র মোদী দুদিনীয়া জর্দান ভ্রমণ সামৰি কিছু সময় পূর্বে ইথিয়াপিয়াৰ ৰাজধানী অদীছ অবাবাত উপস্থিত হয়। এই ভ্রমণকালত শ্রীমোদীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী ড০ আবি আহমেদ আলীৰ সৈতে দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সম্পর্কে আলোচনা কৰিব।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আজি জর্দান ভ্ৰমণৰ অন্তিম দিনা দেশখনৰ ৰজা আব্দুল্লা দ্বিতীয়ৰ সৈতে বিভিন্ন বিষয় লৈ বিশদভাৱে আলোচনা কৰে আৰু উভয় দেশৰ উদ্যোগ জগতৰ কাণ্ডাৰীসকলৰ ব্যৱসায় মঞ্চক উদ্দেশি ভাষণ দিয়ে। ভাৰত আৰু জর্দানে দুয়ো দেশৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭৫ বছৰ উদযাপন কৰিবলৈ প্রস্তুতি চলোৱাৰ সময়ত কৰা প্রধানমন্ত্রী মোদীৰ এই ভ্রমণকালত কেইবাখনো চুক্তিৰ চূড়ান্ত ৰূপ দিয়া হয় আৰু অর্থনৈতিক সহযোগিতা বৃদ্ধিৰ উপায় সম্পর্কে আলোচনা কৰা হয়। প্রধানমন্ত্রী মোদী আৰু ৰজা আব্দুল্লা দ্বিতীয়ই আজি আম্মানত ভাৰত জর্দান ব্যৱসায় মঞ্চত যুটীয়াভাৱে ভাষণ দিয়ে। অনুষ্ঠানত জর্দানৰ যুৱৰাজ হুছেইন আৰু বাণিজ্য আৰু উদ্যোগ তথা বিনিয়োগ মন্ত্ৰীগৰাকীয়ে অংশগ্রহণ কৰে। দুয়োগৰাকী নেতাই উভয় পক্ষৰ উদ্যোগ জগতৰ কাণ্ডাৰীসকলৰ সম্ভাৱনা আৰু সুযোগসমূহক বিকাশ আৰু সমৃদ্ধিলৈ ৰূপান্তৰ কৰিবলৈ আহ্বান জনায়। ৰজা আব্দুল্লা দ্বিতীয়ই কয়, যে জর্দানৰ মুক্ত বাণিজ্য চুক্তি আৰু ভাৰতৰ অর্থনৈতিক শক্তিয়ে দক্ষিণ এছিয়া আৰু পশ্চিম এছিয়াৰ মাজত অর্থনৈতিক ক‘ৰিডৰ সৃষ্টি কৰাত সহায় কৰিব পাৰে।
প্রধানমন্ত্রী মোদীয়ে তেওঁৰ ভাষণত কয়, যে ভাৰত আৰু জর্দানৰ মাজত সভ্যতাজনিত ঘনিষ্ঠ সম্পর্ক আধাৰিত শক্তিশালী সহযোগিতা আছে। ভাৰতক জর্দানৰ তৃতীয় সর্ববৃহৎ সহযোগী বুলি অভিহিত কৰি প্রধানমন্ত্রী মোদীয়ে পৰৱৰ্তী ৫ বছৰত দেশখনৰ সৈতে দ্বিপাক্ষিক বাণিজ্য দুগুণলৈ বৃদ্ধি কৰি ৫০০ কোটি ডলাৰ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। প্রধানমন্ত্রীয়ে জর্দানৰ কোম্পানীসমূহক ভাৰতৰ সৈতে সহযোগিতা কৰিবলে আৰু ভাৰতৰ ১৪০ কোটি উপভোক্তা, শক্তিশালী নির্মাণ ভেটি আৰু সুস্থিৰ নীতিগত বাতাৱৰণৰ সুবিধা গ্ৰহণ কৰিবলৈ আমন্ত্রণ জনায়। দুয়োখন দেশ বিশ্বৰ বাবে বিশ্বাসযোগ্য যোগান শৃংখলা সহযোগী হ‘ব পাৰে বুলি প্রধানমন্ত্রী মোদীয়ে মন্তব্য কবে। শ্রীমোদীয়ে লগতে ডিজিটেল আন্তঃগাঁথনি, তথ্য-প্রযুক্তি, বিত্তীয় প্রযুক্তি, স্বাস্থ্য প্রযুক্তি আৰু কৃষি প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যৱসায়ৰ বিভিন্ন সুযোগৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ পূর্বে প্রধানমন্ত্রী মোদী আৰু ৰজা আব্দুল্লা দ্বিতীয় কালি আম্মানৰ হুছেনীয়া প্রাসাদত প্রতিনিধি পৰ্য্যায়ৰ আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই বাণিজ্য, উদ্যোগ, ডিজিটেল প্রযুক্তি, সাৰ, আন্তঃগাঁথনি, কৃষি, শক্তি আৰু জনসাধাৰণৰ বিনিময়কে ধৰি বিভিন্ন ক্ষেত্রত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰে। আলোচনাকালত প্রধানমন্ত্রীয়ে সন্ত্রাসবাদ, উগ্রবাদ আৰু মৌলবাদৰ বিৰুদ্ধে জর্দানৰ কঠোৰ স্থিতিৰ ভূয়সী প্রশংসা কৰে। ৰজা আব্দুল্লাই সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতে চলাই থকা যুঁজৰ প্রতি সমর্থন আগবঢ়ায় আৰু সকলো ধৰণৰ সন্ত্রাসবাদক গৰিহণা দিয়ে। দুয়োগৰাকী নেতাই লগতে আঞ্চলিক আৰু গোলকীয় ঘটনাক্রমক লৈ আলোচনা কৰে আৰু পশ্চিম এছিয়াত শান্তি, সুস্থিৰতা বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰে। শ্রীমোদীয়ে অঞ্চলটোত স্থায়ী শান্তি স্থাপনৰ প্ৰয়াসৰ প্ৰতি ভাৰতৰ সহযোগিতাৰ কথা দোহাৰে। দুয়োখন দেশৰ মাজত সংস্কৃতি, নৱীকৰণযোগ্য শক্তি, জল ব্যৱস্থাপনা, ডিজিটেল আন্তঃগাঁথনি আৰু জর্দানৰ পেট্রা আৰু ভাৰতৰ ইলোৰাৰ ঐতিহাসিক স্থানসমূহৰ পুনৰুদ্ধাৰ সম্পৰ্কীয় ৫ খন বুজাবুজিব চুক্তিত চূড়ান্ত ৰূপ দিয়া হয়।