ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 18, 2025 12:18 PM | PM Modi

printer

সমগ্র বিশ্বই ভাৰতক এখন নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে গন্য কৰে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

সমগ্র বিশ্বই ভাৰতক এখন নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে গন্য কৰে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সন্ধিয়া এটা ব্যক্তিগত সংবাদ গোষ্ঠীয়ে আয়োজন কৰা বিশ্ব সন্মিলনত ভাষণ দি শ্রীমোদীয়ে কয়, যে বৈদ্যুতিনৰ পৰা ভেষজলৈকে আৰু অটমোবাইলৰ পৰা মোবাইল নির্মাণলৈকে দেশৰ বিভিন্ন খণ্ডত বিনিয়োগৰ ঢৌ উঠিছে। এই বিনিয়োগসমূহে ভাৰতক গোলকীয় যোগান শৃংখলাৰ গুৰুত্বপূর্ণ কেন্দ্র হিচাপে গঢ়ি উঠাত সহায় কৰিছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ কয়, যে ভাৰতৰ বিকাশে বর্তমান গোলকীয় সুযোগৰ সৃষ্টি কৰিছে। এইক্ষেত্ৰত তেওঁ শেহতীয়া ই এফ টি এ বাণিজ্য চুক্তিৰ কথা উল্লেখ কৰি কয়, যে এই চুক্তিৰ অধীনত ইউৰোপীয় দেশসমূহে ভাৰতত ১০ হাজাৰ কোটি ডলাৰ বিনিয়োগৰ বাবে প্রতিশ্রুতিবদ্ধ হৈছে। ইয়াৰ ফলত বহুসংখ্যক নিয়োগৰ সুযোগ সৃষ্টি হব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ শেহতীয়াকৈ ভালেসংখ্যক ব্যবসায় প্রতিনিধিৰ সৈতে ব্রিটেইনৰ প্রধানমন্ত্রী কীৰ ষ্টাৰমাৰৰ ভাৰত ভ্ৰমণৰ প্ৰসংগ উল্লেখ কৰি কয়, যে এই ভ্রমণে সমগ্র বিশ্বই ভাৰতত সুযোগ প্রত্যক্ষ কৰাকে প্রতিফলিত কৰে। তেওঁ লগতে জি-ছেভেন ৰাষ্ট্ৰগোষ্ঠীৰ সৈতে ভাৰতৰ বাণিজ্য ৬ শতাংশলৈ বৃদ্ধি পোৱাৰ কথাও জানিবলৈ দিয়ে। প্রধানমন্ত্রীয়ে কয়, যে এতিয়া ভাৰত স্তব্ধ হৈ নাযায় বা ইয়াৰ বিকাশৰ গতিও কম নহয়। তেওঁ কয়, যে ১৪০ কোটি ভাৰতীয়ই একেলগে বিকাশৰ দিশত অগ্ৰসৰ হব। শ্রীমোদীয়ে বিভিন্ন সমস্যাৰে জৰ্জৰিত বিশ্বৰ সন্মুখত অপ্ৰতিৰোধ্য ভাৰতৰ চৰ্চাৰ বিষয়টো প্রাকৃতিক আৰু সময়োপযোগী বুলি মন্তব্য কৰে। তেওঁ কয়, যে বিগত ১১ বছৰত ভাৰতে প্ৰতিটো প্রত্যাহ্বান পাৰ কৰিছে। ছেমি কণ্ডাক্টৰ চিপছৰ পৰা আৰম্ভ কৰি জাহাজ নির্মাণলৈকে সকলো ক্ষেত্ৰতে আত্মনিৰ্ভৰশীল ভাৰত সন্দৰ্ভত আত্মবিশ্বাস বৃদ্ধি পাইছে। সন্ত্রাসবাদী আক্রমণৰ পাছত ভাৰত নিৰৱ হৈ থকা নাই বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয়, যে ইয়াৰ পৰিৱৰ্তে চাৰ্জিকেল স্ট্রাইক, বিমান আক্রমণ আৰু সিন্দূৰৰ দৰে অভিযানৰ জৰিয়তে ভাৰতে দৃঢ়তাৰে ইয়াৰ প্ৰত্যুত্তৰ দিছে।

প্রধানমন্ত্রী মোদীয়ে মাওবাদী সন্ত্রাসবাদ সন্দর্ভত কয়, যে ২০১৪ চনৰ পৰাই তেওঁৰ চৰকাৰে ভুল পথে পৰিচালিত যুৱচামক মূল সুঁতিলৈ ঘূৰাই অনাৰ বাবে কাম কৰি আছে। দেশৰ পৰা সম্পূৰ্ণৰূপে নক্সালবাদ আৰু মাওবাদ মুক্ত হবলৈ বেছি দিন নাই বুলি জনসাধাৰণক আশ্বাস দি তেওঁ এয়া তেওঁলোকৰ চৰকাৰৰ গেৰেণ্টি বুলি উল্লেখ কৰে। তেওঁ কয়, যে ১১ বছৰ পূৰ্বে ১২৫ খনৰো অধিক জিলা মাওবাদী সন্ত্রাসৰ কবলত থকাৰ বিপৰীতে বর্তমান এনে জিলাৰ সংখ্যা ১১ খনলৈ হ্রাস পাইছে আৰু ইয়াৰ ভিতৰত কেৱল তিনিখন জিলাত নক্সালৰ সমস্যা আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।