ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 17, 2025 8:23 PM | PM Modi

printer

ড০ হৰিণি অমৰ সূৰ্যাৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

 শ্রীলংকাৰ প্ৰধানমন্ত্ৰী ড০ হৰিণি অমৰ সূৰ্যাই আজি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্রীমোদীয়ে তেওঁক আদৰণি জনায়। প্রধানমন্ত্রী মোদীয়ে কয় যে তেওঁৰ এই যাত্রা ঐতিহাসিক আৰু এই যাত্ৰাই ভাৰত আৰু শ্রীলংকাৰ মাজত বহুমুখী সম্পর্কই নতুন গতি প্রদান কৰিব। সাক্ষাৎকালত প্রধানমন্ত্রীদ্বয়ে শিক্ষা, প্রযুক্তি উদ্ভাবন, উন্নয়নমূলক সহযোগিতা আৰু মাছমৰীয়াসকলৰ কল্যাণকে ধৰি বিভিন্ন ক্ষেত্রত সহযোগিতা সুদৃঢ় কৰাৰ বিভিন্ন উপায় লৈ আলোচনা কৰে। দুয়ো দেশৰ মাজৰ বিশেষ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰি শ্রীমোদীয়ে উভয় দেশৰ উমৈহতীয়া বিকাশ যাত্ৰাৰ বাবে একেলগে কাম কৰাৰ প্রতি ভাৰতৰ প্ৰতিশ্রুতিবদ্ধতাৰ কথা দোহাৰে। শ্রীমোদীয়ে ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কাক শুভেচ্ছা জ্ঞাপন কৰে আৰু কয় যে তেওঁ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে অবিৰত যোগাযোগ বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। শ্রীমোদীয়ে লগতে যোৱা এপ্ৰিলত কৰা শ্ৰীলংকা যাত্ৰাৰ কথা স্মৰণ কৰে। এই ভ্রমণ কালত প্রধানমন্ত্রীয়ে শ্রীলংকাৰ ৰাষ্ট্ৰপতি দিশানায়কাৰ সৈতে সকলো ক্ষেত্ৰৰ সহযোগিতাক লৈ আলোচনা কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।