প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুস্থ নাৰী শক্তিশালী পৰিয়াল অভিযানক সফল কৰি তুলিবলৈ অক্লান্তভাৱে কাম কৰা সকলোৰে প্ৰচেষ্টাক প্ৰশংসা কৰিছে। নৰেন্দ্ৰ মোদীয়ে এই অভিযানত মানুহৰ অংশগ্ৰহণৰ কথা উল্লেখ কৰি এই কাৰ্যই মানুহৰ জীৱন ধাৰণৰ প্ৰণালী উন্নত কৰাৰ লগতে এখন সুস্থ-শক্তিশালী সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলিও উল্লেখ কৰে। অভিযানৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্রী জে পি নাড্ডায় কয়, যে সুস্থ নাৰী শক্তিশালী পৰিয়াল অভিযানৰ জৰিয়তে ছয় কোটি ৫০ লাখ মহিলাৰ স্বাস্থ্য পৰীক্ষা সুকলমে সম্পন্ন হৈছে। তেওঁ লগতে কয়, যে সমগ্ৰ দেশত প্ৰায় ১৮ লাখ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী মহিলাক নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হৈ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহ্বান জনায়।
Site Admin | October 4, 2025 9:28 PM | PM Modi
সুস্থ নাৰী শক্তিশালী পৰিয়াল অভিযানক সফল কৰি তুলিবলৈ অক্লান্তভাৱে কাম কৰা সকলোৰে প্ৰচেষ্টাক প্রধানমন্ত্ৰী মোদীৰ প্ৰশংসা