October 3, 2025 12:13 PM | PM Modi

printer

বাৰ্ষিক শীর্ষ সন্মিলনত অংশগ্রহণ কৰাৰ উদ্দেশ্যে ডিচেম্বৰত ভাৰতলৈ আহিব ভ্লাডিমীৰ পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে প্ৰকাশ কৰা মতে ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্ষিক শীর্ষ সন্মিলনত অংশগ্রহণ কৰাৰ উদ্দেশ্যে ডিচেম্বৰত ভাৰতলৈ আহিব। ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ মুখপাত্র দমিত্রী পেছকোভে কালি নৱবৰ্ষৰ পূৰ্বে ৰাষ্ট্ৰপতি পুটিন ভাৰতলৈ অহাৰ কথা নিশ্চিত কৰে। তেওঁ লগতে এই ভ্ৰমণৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি থকা বুলি প্ৰকাশ কৰে। ২০২২ বৰ্ষৰ প্ৰথম ভাগত ইউক্রেইন সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত এয়া হ’ব শ্রীপুটিনৰ প্ৰথম ভাৰত ভ্ৰমণ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।