প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উড়িশাৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে সমগ্ৰ দেশতে ৩৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে স্বদেশী প্রযুক্তিৰে নিৰ্মিত ৯৭ হাজাৰ ৫০০টা ফ’ৰ জি ম’বাইল টাৱাৰ উদ্বোধন কৰে। এই উপলক্ষে আজি গুৱাহাটীত আয়োজিত কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত ভার্চুৱেলী অংশগ্রহণ কৰে। স্বদেশী ফ’ৰ জি নেটৱৰ্কৰ উদ্বোধনী কাৰ্যসূচীৰ প্ৰাক্ মুহূৰ্তত কেন্দ্রীয় মন্ত্রী সিন্ধিয়া আৰু টাটা ছন্ছৰ অধ্যক্ষ এম চন্দ্ৰশেখৰণৰ সৈতে মুখ্যমন্ত্ৰীয়ে অসমৰ প্রিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে দূৰসংযোগৰ সৈতে জড়িত সকলো প্ৰযুক্তি স্বদেশী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে ভাৰতৰ পাঁচটা স্থানত বি এছ এন এলৰ ডাটা চেণ্টাৰ স্থাপন হ’ব আৰু ইয়াৰ ভিতৰত অন্যতম এটা গুৱাহাটীত স্থাপন কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, যে বি এছ এন এল প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তীৰ সৈতে সংগতি ৰাখি লোৱা স্বদেশীকৰণ কাৰ্যসূচীৰ অধীনত ম’বাইল নেটৱৰ্কৰ সকলো ব্যৱস্থাৰ লগতে অন্যান্য সকলো সঁজুলি ভাৰতত আৰু ভাৰতীয়ৰ দ্বাৰা নিৰ্মাণ হোৱাটো সুনিশ্চিত কৰা হৈছে। তেওঁ কয়, যে বিশ্বৰ কেৱল চাৰিখন দেশত হে এনেধৰণৰ স্বদেশী ফ’ৰ জি ম’বাইল নেটৱৰ্কৰ প্ৰস্তুত কৰা হয়। প্রধানমন্ত্ৰীয়ে আজি এই নেটৱৰ্ক উদ্বোধন কৰাৰ লগে লগে ভাৰত নিজা নেটৱৰ্ক, নিজা প্ৰযুক্তি আৰু স্বদেশী সামগ্ৰী ব্যৱহাৰৰ দ্বাৰা স্বদেশী নেটৱৰ্ক থকা বিশ্বৰ পঞ্চমখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অহা কেইদিনমানৰ ভিতৰত বি এছ এন এলে এই ফ’ৰ জি নেটৱৰ্কক ফাইভ জি লৈ ৰূপান্তৰ কৰাৰ লগতে ২০৩০ চনৰ ভিতৰত গ্ৰাহকক ছিক্স জি নেটৱৰ্কৰ সুবিধাও প্রদান কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে লগতে ডাটা চেণ্টাৰ, ছেমি কণ্ডাক্টৰকে ধৰি বিভিন্ন দিশত প্ৰধানমন্ত্ৰীয়ে অসমক কেন্দ্ৰ বিন্দু হিচাপে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। অনুষ্ঠানত ৰাজ্যৰ তথ্য প্রযুক্তি মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
Site Admin | September 27, 2025 8:10 PM | PM Modi
সমগ্ৰ দেশতে স্বদেশী প্রযুক্তিৰে নিৰ্মিত ৯৭, ৫০০টা ফ’ৰ জি ম’বাইল টাৱাৰ উদ্বোধন