ডাউনলোড
মোবাইল এপ

android apple
signal

September 16, 2025 1:16 PM | PM Modi

printer

লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী জি এছ টি সংস্কাৰৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ

এইবেলি স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি এছ টি সংস্কাৰৰ কথা ঘোষণা কৰিছিল । চলিত মাহৰ ৩ তাৰিখে জি এছ টি পৰিষদে বহু খণ্ডত কৰ হ্ৰাস কৰি নাগৰিকৰ জীৱন সহজ কৰি তোলাৰ লগে লগে প্রধানমন্ত্ৰীগৰাকীৰ এই দৃষ্টিভংগী বাস্তৱায়িত হয়। এই সংস্কাৰৰ অধীনত চৰকাৰে কৃষিখণ্ডত জি এছ টি হ্ৰাস কৰি কৃষকসকলক সকাহ দিছে । এই সংস্কাৰ অনুসৰি, ১৮০০ CC ৰ তলৰ ট্ৰেক্টৰৰ কৰৰ পৰিমাণ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হ’ব। টায়াৰ আৰু টিউব, হাইড্ৰলিক পাম্প আদিকে ধৰি ট্ৰেক্টৰৰ উপাদানসমূহ ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হ’ব। খেতি কৰা, শস্য চপোৱা, মৰণা মৰা আদিৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন যন্ত্ৰৰ সমান্তৰালভাৱে জৈৱ কীটনাশক, micro nutrients, drip irrigation, sprinkler আদিত থকা কৰৰ হাৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে শ্রম ভিত্তিক উদ্যোগসমূক শক্তিশালী সমৰ্থন আগবঢ়োৱা হৈছে যাৰ ফলত কৃষক আৰু কৃষি খণ্ড উপকৃত হ’ব। এই পৰিৱৰ্তনে বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া কৃষকক উপকৃত কৰিব।