ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 16, 2025 1:15 PM | PM Modi

printer

বিহাৰ, পশ্চিমবংগ আৰু অসমক অনুপ্ৰৱেশকাৰীৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ এন ডি এৰ চৰকাৰ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

 বিহাৰ, পশ্চিমবংগ আৰু অসমক অনুপ্ৰৱেশকাৰীৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ এন ডি এৰ চৰকাৰ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। বিহাৰৰ পুৰ্ণীয়াত অনুষ্ঠিত এখন জনসভাত ভাষণ দি শ্রীমোদীয়ে কালি এইদৰে কয় ।

উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদীয়ে কালি বিহাৰৰ পুৰ্ণীয়া জিলাৰ পৰা ৪০ হাজাৰ কোটি টকাৰো অধিক ব্যয়েৰে ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পুৰ্ণীয়া জিলাৰ গোলাপবাগত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে বিহাৰৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান সহজ কৰাৰ বাবে দ্বৈত ইঞ্জিন চৰকাৰে একেৰাহে কাম কৰি আছে। প্রধানমন্ত্ৰী মোদীয়ে নতুনকৈ নিৰ্মাণ কৰা পুৰ্ণিয়া বিমানবন্দৰটো মুকলি কৰে। এই বিমান বন্দৰটোৰ পৰা ঘৰুৱা বিমান সেৱা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰে সামগ্ৰী আৰু সেৱাকৰ অধিক হ্ৰাস কৰিছে আৰু অহা নৱৰাত্ৰীৰ পৰা ই কাৰ্যকৰী হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।