ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 12, 2025 12:21 PM | PM Modi

printer

নৰেন্দ্ৰ মোদী আৰু ড° নবীনচন্দ্ৰ ৰামগুলামৰ মাজত দেশ দুখনৰ দ্বিপাক্ষিক সম্বন্ধৰ সকলো দিশৰ পৰ্যালোচনা

মৰিছাচৰ প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগুলামৰ কাশী ভ্রমণ চহৰখনৰ সাংস্কৃতিক গুৰুত্ব আৰু ভাৰত আৰু মৰিছাচৰ মাজত শক্তিশালী সাংস্কৃতিক সম্বন্ধৰ পৰিপ্ৰেক্ষিতত বিশেষ হৈ উঠা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। শ্রীমোদীয়ে সামাজিক মাধ্যম যোগে কয়, যে এই ভ্ৰমণ কালত হোৱা বৈঠকত তেওঁলোকে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্বন্ধৰ সকলো দিশৰ পৰ্যালোচনা চলায় আৰু বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে তেওঁলোকে আন্তঃগাঁথনি, স্বাস্থ্য যতন, ডিজিটেল প্ৰযুক্তি, শক্তি আৰু সামুদ্রিক সুৰক্ষাকাকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰি তুলিবলৈ সন্মতি প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।