ডাউনলোড
মোবাইল এপ

android apple
signal

September 8, 2025 11:39 AM | PM Modi

printer

অহা ১৩ ছেপ্তেম্বৰত দুখন জনসভাত অংশ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীৰ মণিপুৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৩ ছেপ্তেম্বৰত কিছুসময়ৰ বাবে মণিপুৰলৈ যাব। আকাশবাণী ইম্ফলৰ সংবাদদাতাই জনোৱা মতে প্রধানমন্ত্রীয়ে দুখন জনসভাত অংশ লোৱাৰ কথা। ইম্ফলৰ ৰাজভৱনত শ্ৰীমোদীৰ এই ভ্রমণ সন্দৰ্ভত কালি এখন বৈঠক অনুষ্ঠিত হয়। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বিৰেণ সিং, মণিপুৰ বিধানসভাৰ অধ্যক্ষ থকছম সত্যব্ৰত সিং, মণিপুৰ প্ৰদেশ বিজেপিৰ সভাপতি তথা বিধায়ক অধিকাৰীমায়ুম সাৰদা দেৱী উপস্থিত থাকে। বৈঠকত প্রধানমন্ত্ৰীয়ে অংশগ্রহণ কৰিবলগীয়া জনসভা তথা তেওঁ উদ্বোধন কৰিবলগীয়া প্ৰকল্প সন্দৰ্ভত আলোচনা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।