ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 4, 2025 8:41 PM | PM Modi

printer

ভার্চুৱেল মাধ্যমেৰে জে এন বন্দৰ পি এছ এ মুম্বাই টার্মিনেলৰ দ্বিতীয় পৰ্য্যায়ৰ উন্মোচন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্রী লৰেন্স ৱঙে আজি ভার্চুৱেল মাধ্যমেৰে জে এন বন্দৰ পি এছ এ মুম্বাই টার্মিনেলৰ দ্বিতীয় পৰ্য্যায়ৰ উন্মোচন কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনলাইন মাধ্যমেৰে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। নৱী মুম্বাইত অনুষ্ঠিত এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ ৰাজ্যমন্ত্ৰী শান্তনু ঠাকুৰেও অংশগ্রহণ কৰে। মন্ত্ৰী শ্ৰী ঠাকুৰে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে,৪ দশমিক ৮ টি ই ইউ সামর্থ্য্যৰে জে এন পি এ বর্তমান দেশৰ বৃহত্তৰ কণ্টেইনাৰ টার্মিনেলত পৰিণত হৈছে। তেওঁ কয় যে নিৰ্দিষ্ট মালবাহী কৰিড’ৰৰ সৈতে ক্ৰেন আৰু পোনপটীয়া ৰেল সংযোগৰ ফলত ই বিশ্বমানৰ স্থান লাভ কৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে ৰাজ্যখনক সর্বোচ্চ সামর্থ্য থকা ৰাজ্য হিচাপে গঢ়ি তোলা বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী ল’ৰেঞ্চ রঙক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে ৱাদ্ধা বন্দৰৰ কাম শেষ হোৱাৰ পিছত মহাৰাষ্ট্ৰ বিশ্বৰ প্ৰথম ১০ টা বৃহৎ বন্দৰৰ অন্যতম হিচাপে স্বীকৃত হ’ল।