ডাউনলোড
মোবাইল এপ

android apple
signal

September 2, 2025 8:30 PM | PM Modi

printer

ভাৰতে অর্ধ-পৰিবাহী খণ্ডৰ বাবে অনুকূল তন্ত্ৰ নিৰ্মাণ কৰি আছে আৰু ই দেশক আত্ম-নিৰ্ভৰ কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

ভাৰতে অর্ধ-পৰিবাহী খণ্ডৰ বাবে অনুকূল তন্ত্ৰ নিৰ্মাণ কৰি আছে আৰু ই দেশক আত্ম-নিৰ্ভৰ আৰু গোলকীয় পৰ্যায়ত প্রতিস্পধামুখী কৰি তুলিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ছেমিকন ইণ্ডিয়া-২০২৫ শীর্ষক সন্মিলন উদ্বোধন কৰাৰ পাছত এটা সমাৱেশত ভাষণ দি শ্রীমোদীয়ে এইদৰে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে গোলকীয় অর্ধ-পৰিবাহী বজাৰৰ পৰিধি ইতিমধ্যে ৬০ হাজাৰ কোটি ডলাৰ হৈছে আৰু অনাগত সময়ত এই পৰিমাণ ১ লাখ কোটি ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। তেওঁ লগতে ভাৰত এই গোলকীয় অৰ্ধ পৰিবাহী বজাৰৰ গুৰুত্বপূৰ্ণ অংশীদাৰ হ’ব বুলি আস্থা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে ভাৰতে ডিজাইন, নির্মাণ, পেকেজিং আৰু উচ্চ প্ৰযুক্তিৰ আহিলা-পাতি নিৰ্মাণ কৰি আছে। ভাৰতে ঘৰুৱাভাৱে নিৰ্মিত চিপছৰ মাধ্যমেৰে নিত্য-নতুন প্রযুক্তি খণ্ডক সৱল কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে । প্রধানমন্ত্রীয়ে কয়, যে বিশ্বই ভাৰতক বিশ্বাস কৰে আৰু ভাৰতৰ সৈতে অৰ্ধ পৰিবাহী খণ্ডৰ ভৱিষ্যৎ গঢ়ি তুলিবলৈ সাজু। তেওঁ লগতে ছেমি কন ইণ্ডিয়া সন্মিলনত অংশগ্ৰহণ কৰা ৪০ৰ পৰা ৫০ খন দেশৰ অৰ্ধ পৰিবাহী খণ্ডৰ বিশেষজ্ঞসকলক আদৰণি জনায়। চলিত বিত্তীয় বৰ্ষত প্রথম তিনিমাহৰ দেশৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ বিষয়ে উল্লেখ কৰি প্রধানমন্ত্ৰীয়ে কয়, যে দেশে পুনৰ সকলো ধৰণৰ আশা আৰু অনুমানক চেৰ পেলাইছে। তেওঁ কয়, যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ অৰ্থ-ব্যৱস্থাসমূহ আর্থিক স্বাৰ্থৰ সৈতে জড়িত উদ্বেগ আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বিপৰীতে ভাৰতে ৭ দশমিক ৮ শতাংশ বিকাশ হাৰ অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয়, যে ভাৰতৰ দ্ৰুত বিকাশে উদ্যোগ আৰু জনসাধাৰণৰ মাজত নতুন উদ্যমৰ সঞ্চাৰ কৰিছে।
       আজি আৰম্ভ হোৱা এই তিনিদিনীয়া ছেমিকন ইণ্ডিয়া সন্মিলনত দেশত অর্ধ-পৰিবাহী খণ্ডৰ বাবে অনুকূল শক্তিশালী আৰু বহনক্ষম তন্ত্ৰ আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰে। এই সন্মিলনত স্মার্ট নির্মাণ, গৱেষণা খণ্ডৰ উদ্ভাৱন, উন্নয়ন আৰু কৃত্রিম বুদ্ধিমত্তা, বিনিয়োগৰ সুযোগ, ৰাজ্যিক পৰ্য্যায়ত নীতি ৰূপায়ণকে ধৰি বিভিন্ন বিষয়ত সুকীয়া সত্ৰৰ আয়োজন কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ মুখ্য কাৰ্য্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব।