ডাউনলোড
মোবাইল এপ

android apple
signal

August 29, 2025 8:32 PM | PM Modi

printer

শ্বিগেৰু ইশ্বিবাৰ সৈতে পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি টকিঅ’ত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইশ্বিবাৰ সৈতে পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত থকা সম্পৰ্কৰ কথা সকলো দিশৰ পৰা আলোচনা কৰি এটা সমীক্ষা আগবঢ়ায় আৰু বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বৰ পৰৱৰ্ত্তী পৰ্যায়ক আগুৱাই নিয়াৰ উপায়ৰ বিষয়ে আলোচনা কৰে। যৌথ সংবাদ মেলত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আজিৰ আলোচনা উৎপাদনশীল আৰু উদ্দেশ্য প্রণোদিত। বিশ্বশান্তি আৰু স্থিতিশীলতাৰ বাবে ভাৰত-জাপানৰ অংশীদাৰিত্ব এটা অপৰিহাৰ্য বিষয় বুলি দুয়োখন দেশৰ নেতাই সহমত প্ৰকাশ কৰে। তেওঁ মন্তব্য কৰে যে শক্তিশালী গণতান্ত্রিক দেশসমূহ এখন উন্নত পৃথিৱী গঢ় দিয়াৰ বাবে স্বাভাৱিক অংশীদাৰ। অহা দশকৰ ভিতৰত বিভিন্ন বিষয় সামৰি এখন ৰূপৰেখা প্ৰস্তুত কৰাৰ কথা ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে বিনিয়োগ, উদ্ভাৱন, অর্থনৈতিক সুৰক্ষা, পৰিবেশ, প্রযুক্তি, স্বাস্থ্য, গতিশীলতা আৰু জনসাধাৰণৰ মাজত বিনিময় -এই অংশীদাৰিত্বৰ বিষয়বস্তু। তেওঁ লগতে উল্লেখ কৰে যে ভাৰত-জাপানৰ সেউজ অংশীদাৰিত্ব অর্থনৈতিক অংশীদাৰিত্বৰ দৰেই শক্তিশালী আৰু জাপানৰ প্ৰযুক্তি আৰু ভাৰতৰ প্ৰতিভা এক বিজয়ী সংমিশ্রন।

জাপানৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বিবৃতিত কয় যে উদ্ভাৱনৰ জৰিয়তে ভাৰতে সমগ্ৰ বিশ্বলৈ ৰূপান্তৰ কঢ়িয়াই আনিছে। পৰিপূৰক আৰু পাৰস্পৰিক সম্পৰ্ক থকাটো ভাৰত আৰু জাপান উভয় দেশৰ বাবে প্ৰয়োজনীয় বিষয় বুলি তেওঁ ব্যক্ত কৰে। তেওঁ লক্ষ্য কৰে যে ভাৰত আৰু জাপানৰ প্ৰতিৰক্ষা সহযোগিতা আগতকৈ শক্তিশালী হৈছে। ভাৰতবৰ্ষ এখন প্ৰচুৰ সম্ভাৱনা থকা বিশাল বজাৰ আৰু জাপানে এই উপলক্ষে কেইবাখনো চুক্তিতো স্বাক্ষৰ কৰিছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপান সংসদৰ অধ্যক্ষ ফুকুশ্বিক নুকাগা আৰু সংসদৰ সদস্যসকলক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্রীমোদীয়ে কয় যে তেওঁলোকে ভাৰত আৰু জাপানৰ মাজত থকা শক্তিশালী আৰু বন্ধুত্বপূর্ণ সম্পৰ্কৰ বিষয়ে আলোচনা কৰে আৰু এই আলোচনাত সংসদীয় বিনিময়, মানৱ সম্পদ উন্নয়ন, সাংস্কৃতিক বিনিময় আৰু অৰ্থনীতি, স্বাস্থ্য, কৃত্রিম বুদ্ধিমত্তা, বিজ্ঞান আৰু প্ৰযুক্তি আদিকে ধৰি মুখ্য খণ্ডসমূহৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে হৈছে। ভ্ৰমণকালত জাপানৰ প্রাক্তন প্রধান মন্ত্রী য়োশ্বিহাইড ছুগা আৰু ফুমিঅ’ কিশ্বিদাইও শ্রীমোদীক সাক্ষাৎ কৰে ।