ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 18, 2025 12:27 PM | PM Modi

printer

চি পি ৰাধাকৃষ্ণনক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে এন ডি এই মনোনীত কৰাৰ সিদ্ধান্তক প্রধানমন্ত্ৰীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে এন ডি এই মনোনীত কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে শ্ৰীৰাধাকৃষ্ণনে তেওঁৰ দীৰ্ঘদিনীয়া ৰাজহুৱা সেৱাত সমৰ্পণ, বিনম্ৰতা আৰু বুদ্ধিমত্তাৰ জৰিয়তে নিজৰ এটা বিশেষ পৰিচয় গঢ়ি তুলিছে। প্রধানমন্ত্রীয়ে লগতে কয়, যে শ্ৰীৰাধাকৃষ্ণনে সদায়ে সমুদায়ৰ সেৱাৰ লগতে বিভিন্ন সময়ত পিছপৰা শ্ৰেণীৰ সৱলীকৰণত গুৰুত্ব আৰোপ কৰি আহিছে। তামিলনাডুত তৃণমূল পৰ্যায়ত বহু কাম কৰাৰ উপৰি সাংসদ আৰু বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল হিচাপে শ্ৰীৰাধাকৃষ্ণনৰ বহু অভিজ্ঞতা আছে বুলি প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে। তেওঁ লগতে শ্ৰীৰাধাকৃষ্ণন এগৰাকী অনুপ্ৰেৰণামূলক উপ- ৰাষ্ট্ৰপতি হব পাৰিব বুলি বিশ্বাস ব্যক্ত কৰে।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও শ্ৰীৰাধাকৃষ্ণনক এন ডি এৰ উপ-ৰাষ্ট্ৰপতি প্ৰাৰ্থী হিচাপে মনোনীত হোৱাৰ বাবে শুভেচ্ছা জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।