অৰ্ধপৰিবাহী খণ্ডত ভাৰতে দ্ৰুত অগ্ৰগতি লাভ কৰাৰ লগতে ইয়াৰ ডিজিটেল ভৱিষ্যতক শক্তিশালী কৰিবলৈ আৰু বিশ্বব্যাপী উদ্ভাৱনক আগুৱাই নিবলৈ এক শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢি় তুলিছে বুলি প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয়, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে অন্ধ্ৰপ্ৰদেশ, ওড়িশা আৰু পঞ্জাৱত অৰ্ধ পৰিবাহী গোটৰ অনুমোদন দিয়াৰ ফলত উৎপাদন ক্ষমতা বৃদ্ধি হ’ব, উচ্চ দক্ষতা সম্পন্ন নিয়োগৰ সৃষ্টি হ’ব আৰু ভাৰতক যোগান শৃংখলৰ মূল সিদ্ধান্তকাৰী হিচাপে স্থান দিব।
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে কালি ওড়িশা, পঞ্জাৱত আৰু অন্ধপ্ৰদেশত ৪ হাজাৰ ৫৯৪ কোটি টকাৰ আনুমানিক ব্যয়েৰে ৪টা নতুন অৰ্ধ পৰিবাহী গোটৰ বাবে অনুমোদ জনায়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে প্ৰধানমন্ত্ৰী অধ্যক্ষতাত মন্ত্ৰী পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
শ্ৰীবৈষ্ণৱে কয়, যে চৰকাৰে উত্তৰ প্ৰদেশৰ লক্ষ্নৌত মেট্ৰ’ ৰে’ল প্ৰকল্পৰ ফেজ ওৱান বিত অনুমোদন জনাইছে। যাৰ আনুমানিক ব্যয় ৫ হাজাৰ ৮০১ কোটি টকাতকৈও অধিক। তেওঁ কয়, যে মুঠ ১২টা ষ্টেচন নিৰ্মাণ কৰা হ’ব আৰু ৫ বছৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব।
শ্ৰীবৈষ্ণৱে লগতে কয়, যে চৰকাৰে অৰুণাচল প্ৰদেশৰ চি য়ামি জিলাত নিৰ্মাণ হ’বলগীয়া ৭০০ মেগাৱাট ক্ষমতা সম্পন্ন টাটো টু জলবিদ্যুৎ প্ৰকল্পৰ বাবেও অনুমোদন জনাইছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবিদ্যুৎ প্ৰকল্পৰ বাবে চৰকাৰে অনুমোদন জনোৱাৰ বাবে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে কয়, যে এই প্ৰকল্প অতি গুৰুত্বপূৰ্ণ আৰু এই প্ৰকল্পই ৰাজ্যখনৰ উন্নয়নত গতি প্ৰদান কৰিব।