প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণৰ পূৰ্বে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কালি চূড়াচান্দপুৰ জিলাত প্রধানমন্ত্ৰীৰ ভ্ৰমণৰ সবিশেষ বুজ লয়। ৰাজ্যপালগৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়ত যাতে কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে সকলো দিশ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী মোদী অহা শনিবাৰে ৰাজ্যখনলৈ আহি চূড়াচান্দপুৰ আৰু ইম্ফলত জনসভাত অংশ ল’ব। ৰাজ্যপালগৰাকীয়ে কালি চূড়াচান্দপুৰ জিলাৰ হেলিপেড পৰিদৰ্শন কৰাৰ লগতে প্রধানমন্ত্রীয়ে ভাষণ দিবলগীয়া জনসভাৰ স্থানো পৰিদৰ্শন কৰে। শ্ৰী ভাল্লাই ৰাজ্যখনৰ মুখ্য সচিব, মুখ্য সুৰক্ষা উপদেষ্টা, আৰক্ষী সঞ্চালকপ্ৰধান আৰু সংশ্লিষ্ট জিলাখনৰ উপায়ুক্তৰ সৈতে বৈঠকত মিলিত হৈ প্ৰধানমন্ত্ৰী ভ্ৰমণৰ সকলো ব্যৱস্থা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদী অহা ১৩ ছেপ্তেম্বৰৰ বিয়লি দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱাৰ পূৰ্বে মণিপুৰৰ এই কাৰ্যসূচীত অংশ ল’ব। শ্রী মোদীয়ে সেইদিনাই মিজোৰামৰ ছাইৰাঙৰপৰা ৱৈৰৱীলৈ ৫১ দশমিক ৩-৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে’ল প্ৰকল্প উদ্বোধন কৰিব। উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰকাশ কৰা মতে উদ্বোধনীৰ দিনা ছাইৰাঙৰ পৰা দীৰ্ঘ দূৰত্বৰ ৰে’ল সেৱা আৰম্ভ কৰাৰ সম্ভাৱনা আছে। বর্তমান মিজোৰামৰ ৱৈৰৱীৰ পৰা হাইলাকান্দি হৈ শিলচৰলৈ দৈনিক কেইটামান ডবা থকা এখন যাত্ৰীবাহী ৰে’ল চলি আছে। ১৩ ছেপ্তেম্বৰত মিজোৰামৰ ৰাজধানী আইজলৰ পৰা প্ৰায় ২১ কিলোমিটাৰ দূৰত্বত অৱস্থিত ছাইৰাঙলৈ এই যাত্ৰীবাহী ৰে’লখন সম্প্ৰসাৰিত কৰা হ’ব । প্রধানমন্ত্ৰীয়ে ছাইৰাঙৰ পৰা হাইলাকান্দি হৈ ৰাজধানী এক্সপ্ৰেছৰ দৰে বিলাসী ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কৰাৰ কথা ।
Site Admin | September 10, 2025 12:05 PM | pm manipur visit
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণৰ পূৰ্বে চূড়াচান্দপুৰ জিলাত পৰিস্থিতিৰ বুজ লয় ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই
