ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 16, 2025 1:00 PM | PM Modi

printer

সেনাবাহিনীৰ সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তৰ নিৰাপত্তা সন্দৰ্ভত আলোচনা প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ ফ’ৰ্ট উইলিয়ামত কালি সেনাবাহিনীৰ সন্মিলনত অংশগ্ৰহণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তৰ নিৰাপত্তা সন্দৰ্ভত আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু সেনাবাহিনীৰ তিনিওটা গোটৰ মুৰববীৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত উত্তৰ- পূৰ্বাঞ্চলৰ সীমান্তৰ সুৰক্ষাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। ভাৰতীয় উপ-মহাদেশত সলনি হৈ থকা ভূৰাজনৈতিক পৰিস্থিতিৰ বাবে সেনাবাহিনীৰ মাজত সমন্বয় বৃদ্ধি আৰু পৰিকাঠামো আধুনিকীকৰণ সন্দৰ্ভতো সন্মিলনত গুৰুত্ব আৰোপ কৰা হয়। প্রধানমন্ত্ৰীয়ে এই বৈঠকত পৰৱৰ্তী দুটা বৰ্ষৰ সামৰিক পৰিকল্পনাকলৈও আলোচনা কৰে। সেনাবাহিনীৰ সংস্কাৰ, পৰিৱৰ্তনক প্রাধান্য দিয়াৰ লগতে ভাৰতীয় সেনাবাহনীৰ যুদ্ধৰ সময়ত কেনে ধৰণৰ স্থিতি গ্ৰহণ কৰিব আদি বিষয়তো সন্মিলনত পৰ্যালোচনা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।