ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিঃ ৰাজ্যত কৃষকসকলৰ পঞ্জীয়ন কাৰ্যসূচী অব্যাহত

ৰাজ্যৰ প্ৰতিখন জিলাতে প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিৰ সুবিধা লাভ কৰা কৃষকসকলৰ পঞ্জীয়ন কাৰ্যসূচী পূর্ণগতিত চলি আছে। চৰাইদেউ জিলা কৃষি বিভাগে নিজৰ নামত মাটিৰ পট্টা থকা, এতিয়ালৈকে কৃষক পঞ্জীয়ন নকৰা জিলাখনৰ হিতাধিকাৰী সকলক অনতিপলমে নিকটৱৰ্তী অৰুণোদয় কেন্দ্ৰলৈ গৈ পঞ্জীয়ন কৰাবলৈ অনুৰোধ জনাইছে। এই আঁচনিৰ সুবিধা লাভ কৰা কৃষকে সময়তে পঞ্জীয়ন নকৰালে পৰৱৰ্তী কিস্তিৰ পৰা বঞ্চিত হ’ব বুলি কৃষি বিভাগে জানিবলৈ দিছে। বিভাগে লগতে নিজৰ নামত মাটিৰ নামজাৰি নোহোৱা হিতাধিকাৰীসকলকো শীঘ্ৰে নামজাৰিৰ বাবে আবেদন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। ইতিমধ্যে ৰাজহ চক্ৰ বিষয়াসকলক অগ্ৰাধিকাৰ ভিত্তিত নামজাৰিৰ কামসমূহ সম্পন্ন কৰাৰ বাবে চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে কৃষি বিভাগৰ যিকোনো আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ’লে কৃষক পঞ্জীয়ন হোৱাটো বাঞ্চনীয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।