ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রধানমন্ত্রী মোদীয়ে প্ৰায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী খেতিয়কলৈ ২০ হাজাৰ কোটিৰো অধিক টকা মোকলাই দিছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ সপ্তদশ কিস্তি হিচাপে পোনপটীয়া লাভ হস্তান্তৰ ব্যৱস্থাৰে প্ৰায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী খেতিয়কলৈ ২০ হাজাৰ কোটিৰো অধিক টকা মোকলাই দিয়ে। বৰ্তমানলৈকে ১১ কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে প্রধানমন্ত্রী কিষাণ আঁচনিৰ অধীনত ৩ লাখ ৪ হাজাৰ কোটিৰো অধিক টকা লাভ কৰিছে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কৃষি সখী হিচাপে আত্মসহায়ক গোটত ৩০ হাজাৰৰো অধিক মহিলাক প্ৰমাণপত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে। লাখপতি বাইদেউ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি এই প্ৰমাণপত্ৰ বিতৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আজি দিনজোৰা উত্তৰ প্ৰদেশ ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্রী কিষাণ সন্মান সন্মিলনতো অংশ লয়। সন্মিলনখনৰ সৈতে সংগতি ৰাখি লাইভ ৱেবকাষ্টৰ জৰিয়তে দেশৰ কেইবাটাও নির্বাচিত স্থানৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেশৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্রেক্ষাগৃহতো ৱেবকাষ্টৰ ব্যৱস্থা কৰা হৈছে। এই অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত আছে। যোৰহাট জিলাৰ টীয়কৰ কলীয়াপানীৰ জিলা কৃষি বিজ্ঞান কেন্দ্রতো পি এম কিষাণ সন্মিলনৰ লাইভ ৱেবকাষ্টৰ ব্যৱস্থা কৰা হৈছে।
উল্লেখযোগ্য যে বাৰাণসী সমষ্টিৰ পৰা তৃতীয়বাৰলৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পাছত প্রধানমন্ত্রী মোদীয়ে আজি প্ৰথমবাৰলৈ বাৰাণসী ভ্ৰমণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।