কেন্দ্ৰীয় গ্রামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত মঙলবাৰে বাৰানসীৰ পৰা ৯ কোটি ৩ লাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা হস্তান্তৰ কৰিব। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রী চৌহানে এই কথা প্রকাশ কৰে। তেওঁ কয় যে, যোৱা ১০ বছৰত ১১ কোটি কৃষকৰ একাউণ্টলৈ তিনি লাখ কোটি টকা হস্তান্তৰ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে প্রধানমন্ত্ৰীৰ মঙলবাৰৰ অনুষ্ঠান অংশ ল’বলৈ পত্ৰ প্ৰেৰণ কৰিছে। শ্ৰী চৌহানে কয় যে, গ্রামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত তেওঁ মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে কৃষক কল্যাণৰ লগত জড়িত প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিছে। নতুন চৰকাৰৰ প্ৰথম ১০০ দিনৰ পৰিকল্পনাৰ অধীনত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ কাৰ্য পৰিকল্পনাৰ পর্যালোচনা চলোৱা বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ প্ৰতিটো সমস্যাই গুৰুত্ব সহকাৰে ল’ব আৰু আঁচনিখনৰ নীতি-নিয়ম সলনি কৰাৰ আৱশ্যকতা অনুভৱ কৰিলে সংস্কাৰ সাধনো কৰিব।
Assamese | June 15, 2024 9:41 PM | pm kishan shivraj modi
প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে খেতিয়কৰ একাউণ্টলৈ ধন হস্তান্তৰ কৰিব