ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনৰ ২০সংখ্যক কিস্তিৰ ধন পৰহিলৈ মুকলি কৰি দিয়া হ’ব

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনৰ ২০ সংখ্যক কিস্তিৰ ধন পৰহিলৈ মুকলি কৰি দিয়া হ’ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত কালি নতুন দিল্লীত এই

বিষয়ক এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত কিস্তিৰ ধন মোকলাই দিয়াৰ লগতে অধিক সংখ্যক কৃষকে যাতে এই আঁচনিৰ সুফল লাভ কৰিব পাৰে সেই সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। বৈঠকত শ্রীচৌহানে পৰহিলৈ অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীত ৰাষ্ট্ৰীয়, ৰাজ্যিক, জিলা তথা গাঁও পৰ্যায়ত কৃষকসকলৰ সৈতে সংযোগ স্থাপন কৰি এই কাৰ্যসূচীত ৰাষ্ট্ৰজোৰা অভিযান হিচাপে আয়োজন কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে দেশৰ কৃষকসকলক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই আঁচনিৰ অধীনত তিনিটা কিস্তিত ৬ হাজাৰ টকাকৈ কৃষকসকলৰ একাউণ্টলৈ জমা দিয়া হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।