প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ কুৰি সংখ্যক কিস্তি মোকলাই দিয়ে। এই কিস্তিৰ জৰিয়তে দেশৰ ৯ কোটি ৭০ লাখৰো অধিক কৃষকৰ মাজত ২০ হাজাৰ ৫০০ কোটি টকা বিতৰণ কৰা হয়। ইয়াৰ ভিতৰত অসমৰ ২০ লাখৰো অধিক কৃষকে মুঠ ৪২২ কোটিৰো অধিক ধন লাভ কৰিছে।
ডিব্ৰুগড়ত এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। তেওঁ ভাষণ প্রসঙ্গত কৃষকসকলক উৎপাদন বৃদ্ধিৰে দেশৰ অৰ্থনীতি বিকাশৰ যাত্ৰাত সবল ভূমিকা পালন কৰিবলৈ আহ্বান জনায়।
সাংসদ প্ৰদান বৰুৱাই ধেমাজিৰ চিমেনচাপৰিৰ কৃষি বিজ্ঞান কেন্দ্ৰত ভালেসংখ্যক হিতাধিকাৰীৰ সৈতে প্রধানমন্ত্ৰীৰ এই অনুষ্ঠান ভার্চুৱেলি উপভোগ কৰে।
মাজুলীতো পি এম কিষাণ উৎসৱ দিৱসৰ সৈতে সংগতি ৰাখি জিলা আয়ুক্তৰ কাৰ্যালয় আৰু মাজুলী খণ্ড উন্নয়ন কার্যালয়ত প্রধানমন্ত্রী ভাষণ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয় ৷
গোলাঘাট জিলাত ৮১ হাজাৰ কৃষকে প্রধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ২০ সংখ্যক কিস্তিৰ ধন একাউণ্টযোগে লাভ কৰে ৷
যোৰহাট জিলাৰ প্ৰায় ৫৭ হাজাৰ যোগ্য হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ২০ সংখ্যক কিস্তিৰ ধন লাভ কৰে ।
একেদৰে কাছাৰ জিলাৰ ৭৩ হাজাৰ কৃষকে এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে। জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ লগতে চি এছ চি, কৃষক উৎপাদক সংস্থা, কৃষক সমৃদ্ধি কেন্দ্র, পঞ্চায়ত-ভিত্তিক অঞ্চলৰ উপৰি জিলাখনৰ ১৫টা সংমণ্ডল কৃষি খণ্ডত প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠান পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয় । শিৱসাগৰ জিলাৰ প্ৰায় ৬৬ হাজাৰ হিতাধিকাৰীৰ একাউণ্টত এই আঁচনিৰ ২০ সংখ্যক কিস্তিৰ ধন হস্তান্তৰ কৰা হয়। জিলা কৃষি বিভাগ আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহে এই উপলক্ষে বিশেষ কার্যসূচী অনুষ্ঠিত কৰে।
নগাঁও জিলাৰ ১ লাখৰো অধিক কৃষকে এই আঁচনিৰ ধন লাভ কৰিছে।
দেশৰ অন্য প্রান্তৰ লগতে দৰঙৰ কৃষি বিভাগৰ উদ্যোগত জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। জিলাখনৰ ১ লাখ ৫ হাজাৰৰো অধিক কৃষকে এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে।
বৰপেটা জিলাত ৯০ হাজাৰৰো অধিক কৃষকে এই আঁচনিৰ ধন লাভ কৰে। প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠান জিলাখনৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ লগতে সকলো উন্নয়ন খণ্ডৰ কাৰ্যালয়ত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। জিলাখনৰ কৃষি বিষয়াসকলে এই কাৰ্যসূচীত অংশ লয়।