August 13, 2025 12:14 PM | PM kmishan

printer

বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত সাহসী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন

দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে বৈদেশিক চাপৰ পৰিপ্ৰেক্ষিততো বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত সাহসী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। নতুন দিল্লীত কালি কৃষক সংগঠনৰ নেতা আৰু কৃষকৰ এটা বৃহৎ দলে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিংহ চৌহানৰ সৈতে বৈঠকত মিলিত হৈ কৃষকৰ স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰে লোৱা নিৰ্ণায়ক পদক্ষেপৰ প্ৰতি কৃতজ্ঞতা আৰু সমৰ্থন প্ৰকাশ কৰে। এই বৈঠকৰ সময়ত শ্ৰীচৌহানে কয়, যে চৰকাৰে শীঘ্ৰেই ভুৱা সাৰ আৰু ৰাসায়নিক পদাৰ্থ উৎপাদনকাৰীসকলৰ বিৰুদ্ধে নতুন আইন প্ৰণয়ন কৰিব। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত পৰহি কৃষকসকলক প্ৰদান কৰা বীমাৰ ধনৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে কৃষকৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি অগ্ৰাধিকাৰ সাপেক্ষে আগুৱাই নিয়া হৈছে। কৃষকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে কৃষকসকলে কেৱল ভাৰতৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ বাবে দিনে নিশাই কাম কৰে। কৃষকসকল যোগানকাৰী আৰু দাতা বুলি উল্লেখ কৰি শ্ৰীচৌহানে কয়, যে কৃষকৰ সেৱা হৈছে ঈশ্বৰৰ পূজা আৰু ইয়াতকৈ আৰু ডাঙৰ পূজা একো নাই।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।