প্রকৃতি আৰু ঐতিহ্য সুৰক্ষিত ৰাখি উন্নয়নৰ যাত্রা অব্যাহত ৰখাটো যে সম্ভৱ সেই কথা অসমে প্ৰমাণ কৰিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। কাজিৰঙাক দেশৰ জৈৱ বৈচিত্র্যৰ অমূল্য অংগ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ বন্যপ্ৰাণীক ৰক্ষা কৰি অসমৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব বুলিও তেওঁ মন্তব্য কৰিছে। কাজিৰঙা এলিভেটেড কৰিড’ৰ প্ৰকল্প আৰু ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ চাৰিশৰীয়া পথৰ উন্নীতকৰণৰ ভূমিপূজন কার্যসূচীত অংশগ্রহণ কৰি কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙা কেৱল মাত্ৰ ৰাষ্ট্ৰীয় উদ্যান নহয়, কাজিৰঙা অসমৰ আত্মা বুলি মত প্রকাশ কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপক প্রধানমন্ত্রীয়ে প্রশংসা কৰে।
উত্তৰ-পূৰ্বাঞ্চল সম্প্ৰতি ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত নতুন দুৱাৰমুখ হিচাপে উদ্ভাসিত হৈ উঠিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। উত্তৰ পূবক দেশৰ বাকী অংশৰ সৈতে উন্নয়নৰ পথত সমানে আগবঢ়াই নিয়াৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা লক্ষ্যৰ বিষয়েও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই উপলক্ষে কলিয়াবৰৰ মৌচন্দা পথাৰত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ কয়, যে অসম উন্নতিৰ পথত আগবাঢ়িলে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলেই উন্নতিৰ পথত আগবাঢ়িব আৰু উত্তৰ-পূৰ্বাঞ্চল আগবাঢ়িলে সামগ্রিকভাৱে ভাৰতবৰ্ষৰ উন্নয়ন সাধন সম্ভৱ হ’ব। ছহেজাৰ ৯৫৭ কোটি টকা ব্যয়সাপেক্ষ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰেৰে নিৰ্মাণ কৰিবলগীয়া ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ আৰু কলিয়াবৰৰ পৰা নুমলীগড়লৈ হ’বলগীয়া চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন প্রকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে বিজেপি চৰকাৰে অসমৰ আন্তঃগাঁথনিৰ উন্নয়নক বিশেষ অগ্রাধিকাৰ প্ৰদান কৰিছে। ইয়াৰ ফলত অঞ্চলটোৰ বাবে নতুন নতুন সুযোগ আৰু দীর্ঘকালীন উন্নয়নৰ পথ প্রশস্ত হ’ব বুলি মত প্রকাশ কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে অসমৰ উন্নয়নৰ ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ চৰকাৰে নিষ্ক্রিক্রয় ভূমিকা গ্ৰহণ কৰা বুলি দলটোক সমালোচনা কৰি ভাৰতীয় জনতা পার্টী সম্প্রতি দেশবাসীৰ একমাত্ৰ ভাৰসা হৈ উঠা বুলিও উল্লেখ কৰে।প্রধানমন্ত্রী মোদীয়ে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমটিলৈ আৰু কামাখ্যাৰ পৰা ৰ’হটকলৈ চলিবলগীয়া দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰো কালি ভার্চুৱেল ব্যৱস্থাৰে শুভাৰম্ভণি কৰে। এই নতুন ৰে’ল সেৱাই উত্তৰ-পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজৰ ৰে’ল যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব। বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে অসমক ৰে’ল বাজেটত ১০ হাজাৰ কোটি টকা দিয়া বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে।