প্রধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান আঁচনিৰ অধীনত ৰাজ্যৰ ৩১খন উচ্চ শিক্ষানুষ্ঠানলৈ পুঁজি আবণ্টন

প্রধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান আঁচনিৰ অধীনত ৰাজ্যৰ ৩১খন উচ্চ শিক্ষানুষ্ঠানলৈ মুঠ ২২৯ কোটি ৯ লাখ ৫৫ হাজাৰ টকাৰ পুঁজি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই আঁচনিৰ অধীনত বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ ১০০ কোটি টকা আবণ্টন দিয়া হব। ইফালে, লিংগ সমতা আৰু অন্তৰ্ভুক্তি পদক্ষেপৰ উপাদানৰ অধীনত উচ্চ শিক্ষানুষ্ঠানসমূহৰ বাবে জিলাভিত্তিক মুঠ ২০ কোটি টকা আবণ্টন দিয়া হব। সেই অনুসৰি বাক্সা জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়, বৰমা মহাবিদ্যালয়, বি বি কিষাণ মহাবিদ্যালয়লৈ ৩ কোটি টকাকৈ, জ্ঞানপীঠ ডিগ্রী মহাবিদ্যালয়লৈ ৯৬ লাখ ৪০ হাজাৰ টকা আৰু শালবাৰী মহাবিদ্যালয়লৈ ৩ লাখ ৬০ হাজাৰ টকা আবণ্টন দিয়া হব। আনহাতে, কাছাৰ জিলাৰ জনতা মহাবিদ্যালয় কাছাৰলৈ ৪ কোটি টকা, গুৰুচৰণ মহাবিদ্যালয়লৈ ৩ কোটি, পশ্চিম শিলচৰ মহাবিদ্যালয়লৈ ১ কোটি ৫০ লাখ, কাছাৰ মহাবিদ্যালয়লৈ ২৫ লাখ, চৰকাৰী আদৰ্শ মহাবিদ্যালয় বৰখলালৈ ৪০ লাখ, জে এন সিং মহাবিদ্যালয়লৈ ২০ লাখ, এম চি দাস মহাবিদ্যালয়লৈ ৫ লাখ আৰু শিলচৰ মহাবিদ্যালয় আৰু কন্যা মহাবিদ্যালয়লৈ ৩০ লাখ টকাকৈ আবণ্টন দিয়া হব। ইফালে, মহাবিদ্যালয় সৱলীকৰণ অনুদানৰ সহায়ত ১৪খন প্ৰাদেশিকীকৃত মহাবিদ্যালয়ত মুঠ ৬৯ কোটি ৯ লাখ ৫৫ হাজাৰ টকা পুঁজি আবণ্টন দিয়া হব। সেই অনুসৰি শ্ৰীমন্ত শংকৰ-মাধৱ মহাবিদ্যালয়, কে চি দাস বাণিজ্য মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, কন্যা মহাবিদ্যালয়, আৰ কে নগৰ মহাবিদ্যালয়, সাপেখাতী মহাবিদ্যালয়, এছ কে ৰয় মহাবিদ্যালয়, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়, বৰপথাৰ মহাবিদ্যালয়, ধেমাজি ছোৱালী মহাবিদ্যালয়, লক্ষীপুৰ মহাবিদ্যালয়, মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয় আৰু থং নকৰে মহাবিদ্যালয়লৈ ৫ কোটি টকাকৈ আৰু বামুন্দী মহাবিদ্যালয়লৈ ৪ কোটি ৯ লাখ ৫৫ হাজাৰ টকা আবণ্টন দিয়া হব। ইয়াৰ উপৰি বিশ্ববিদ্যালয় সবলীকৰণ অনুদানৰ সহায়ত কটন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ ২০ কোটি টকাকৈ পুঁজিৰ আবণ্টন দিয়া হব। কাইলৈৰ অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।