তিনিদিনীয়া ভ্রমণসূচীৰে গুজৰাটলৈ অহা প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি সোমনাথত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ প্ৰবাস পাটনাত উদযাপিত সোমনাথ স্বাভিমান পর্বত অংশগ্ৰহণ কৰাৰ কথা আছে।
এহেজাৰ ২৬ চনত সোমনাথ মন্দিৰ আক্ৰমণৰ এহেজাৰ বছৰ সম্পূৰ্ণ আৰু ১৯৫১ চনত স্বাধীনতাৰ পাছত পুনৰুদ্ধাৰৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্রধানমন্ত্রীয়ে ওমকাৰ জপ পর্বত অংশগ্ৰহণ কৰিব। প্ৰাৰ্থনাৰ পাছতে প্রভাস পাতনাৰ আকাশত ড্রোণ শ্ব’ প্ৰদৰ্শন কৰা হ’ব। কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে শৌর্য যাত্ৰাত অংশগ্ৰহণ কৰাৰ লগতে সোমনাথ মহাদেৱক প্ৰাৰ্থনা কৰিব। এই উদ্দেশ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ সোমনাথত এখন জনসভা সম্বোধন কৰিব। ইয়াৰ পাছতে তেওঁ ৰাজপুতলৈ গৈ শ্রাইব্রেন্ট গুজৰাট শীৰ্ষক আঞ্চলিক সম্মিলন উদ্বোধন কৰিব।