November 22, 2025 9:00 PM | PM G-20

printer

জি-২০ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে ব্রিটেইনৰ প্ৰধানমন্ত্ৰী সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জোহান্সবার্গত চলি থকা জি-২০ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে আজি ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰৰ্মাৰক সাক্ষাৎ কৰে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে জোহান্সবার্গত প্ৰধানমন্ত্ৰী ষ্টাৰৰ্মাৰক সাক্ষাৎ কৰি তেওঁ নথৈ আনন্দিত হৈছে। তেওঁ কয়, যে ভাৰত-ব্রিটেইনৰ মাজৰ সম্পৰ্কই এই বছৰ নতুন গতি লাভ কৰিছে আৰু দুয়োপক্ষই বিভিন্ন ক্ষেত্রত এই সহযোগিতাই আগবঢ়াই নিব। প্রধানমন্ত্রীয়ে লগত সন্মিলনৰ আপাহতে ৰাষ্ট্ৰ সংঘৰ সচিব প্রধান এন্টনিঅ গুটেৰচৰ সৈতে ফলপ্রসু আলোচনাত মিলিত হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।