November 22, 2025 8:58 PM | G-20

printer

গোলকীয় উন্নয়নৰ মাপকাঠীসমূহ পুনৰ বিবেচনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গোলকীয় উন্নয়নৰ মাপকাঠীসমূহ পুনৰ বিবেচনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্রিকাৰ জোহান্সবার্গত অনুষ্ঠিত জি-২০ সম্মিলনৰ প্ৰথম সত্ৰত ভাষণ দি কয়, যে জি-২০য়ে গোলকীয় পর্যায়ত বিত্ত আৰু বিকাশক এটা স্থিতি দিছে কিন্তু বৰ্তমানৰ জি-২০ৰ আৰ্হিয়ে গৰিষ্ঠসংখ্যক লোকক সা-সুবিধাৰ পৰা বঞ্চিত ৰাখিছে। তেওঁ কয়, যে ইয়াৰ ফলত ব্যাপক হাৰত প্ৰকৃতি ধংস হৈছে, বিশেষকৈ আফ্রিকা মহাদেশত ইয়াৰ প্ৰভাব অধিক দেখা গৈছে। প্রধানমন্ত্রী মোদীয়ে কয়, যে নতুন দিল্লীত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত গ্ৰহণ কৰা ভালেমাৰ ঐতিহাসিক সিদ্ধান্ত কার্যক্ষম কৰা হৈছে। শ্রী মোদীয়ে পর্যটন, খাদ্য-সুৰক্ষা, কৃত্রিম বুদ্ধামত্তা, ডিজিটেল অর্থ ব্যবস্থা, উদ্ভাৱন আৰু মহিলা সৱলীকৰণৰ ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাৰ অধ্যক্ষতাৰ শলাগ লয়। তেওঁ গোলকীয় শাসন ব্যৱস্থাত গ্লোবেল ছাউথৰ ব্যাপক প্ৰতিনিধিৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্রী মোদীয়ে ভাৰতৰ পৌৰাণিক জ্ঞানৰ পৰম্পৰা আধাৰিত সমগ্ৰ মানৱতাবাদৰ ধাৰণাৰ কথা উল্লেখ কৰে, যাৰ ফলত উন্নয়ন আৰু প্ৰকৃতিৰ মাজত সঞ্চলন বর্তি থাকে। প্রধানমন্ত্রী মোদীয়ে এখন পৃথিবী, এটা পৰিবাৰ আৰু এটা ভবিষ্যত অৱধাৰণাৰ কথা উল্লেখ কৰে।

দক্ষিণ আফ্রিকাই প্ৰথমবাৰৰ বাবে আয়োজন কৰা জি-২০ সম্মিলনত অংশ লৈ শ্রী মোদীয়ে কয়, যে সামূহিক আৰু বহনক্ষম দুয়োটা দিশকলৈ গোলকীয় উন্নয়নৰ মানসমূহ আৰু বিকাশৰ অগ্ৰাধিকাৰসমূহ পুনৰ নিৰীক্ষণ কৰাৰ এইটো এটা সঠিক সময়। তেওঁ লগতে কয়, যে ভাৰতৰ সভ্যতাৰ নীতিসমূহ বিশেষকৈ মানৱতা দিশসমূহ আগুৱাই দিব লাগে। প্রধানমন্ত্রী মোদীয়ে জি-২০ গোলকীয় স্বাস্থ্য যতন সঁহাৰি গোট গঠন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে স্বাস্থ্যৰ জৰুৰী অৱস্থা তথা প্রাকৃতিক দুৰ্যোগৰ সময়ত সমগ্র বিশ্বই একেলগে কাম কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে। তেওঁ কয়, যে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সময়ত জি-২০ সদস্য ৰাষ্ট্ৰৰ এটা প্রশিক্ষিত চিকিৎসা বিশেষজ্ঞৰ দল সাজু কৰি ৰখা উচিত। মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ বৃদ্ধি পোৱাৰ প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ বাবে প্রধানমন্ত্রী মোদীয়ে এনে ধৰণৰ সৰবৰাহ ৰোধ কৰাৰ বাবে জি-২০য়ে পদক্ষেপ লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্রী মোদীয়ে লগতে মাদকদ্রব্যৰ সৰবৰাহৰ লগত জড়িত অর্থনীতি দুর্বল কৰাৰ বাবে সদস্য ৰাষ্ট্ৰসমূহক একত্রিত হ’বলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে অহা দশকত আফ্রিকাৰ বাবে বিভিন্ন দক্ষতাৰ পদক্ষেপ গ্ৰহণ কৰি ১০ লাখ লোকক প্রশিক্ষণেৰে সাজু কৰি তোলাৰ বাবে বাবে প্রস্তাব দিয়ে। ইয়াৰ ফলত আফ্ৰিকাৰ সামৰ্থ বৃদ্ধি পোৱাৰ লগত উন্নয়নৰ এটা দীর্ঘ ম্যাদি পৰিকাথামো গঢ়ি উঠিব। শ্রী মোদীয়ে জি-২০ৰ অধীনত গোলকীয় পৰম্পৰাগত জ্ঞানৰ আদান-প্রদান কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যাতে ভাৰতৰ পৃষ্ঠপোষকতাত ভবিষ্যৎ প্রজন্মৰ বাবে বহনক্ষম পদক্ষেপ গ্রহণ কৰিব পৰা যায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।