প্রধানমন্ত্রী ফচল বীমা যোজনা আৰু বতৰভিত্তিক শস্য বীমা আঁচনিৰ সুবিধা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ অব্যাহত ৰখাৰ সিদ্ধান্ত

কেন্দ্রীয় মন্ত্রীসভাই আজি প্রধানমন্ত্রী ফচল বীমা যোজনা আৰু নতুন ৰূপত সজাই তোলা বতৰভিত্তিক শস্য বীমা আঁচনিৰ সুবিধা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই সিদ্ধান্তই দেশৰ কৃষকসকলক আকস্মিক প্রাকৃতিক দুৰ্যোগৰ সময়ত শস্যসমূহৰ হোৱা ক্ষতি জোৰা মৰাত সহায় কৰিব। তদুপৰি এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰে স্বচ্ছতা আৰু ওজৰ-আপত্তি নিষ্পত্তি কৰাত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আজিৰ বৈঠকত শস্য বীমা আঁচনিৰ বাবে আবণ্টিত ধন ৬৯ হাজাৰ ৫১৫ কোটি টকালৈ বৃদ্ধিৰ বাবে অনুমোদন জনোৱা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ সুবিধা লাভ কৰা ৮৮ শতাংশই ক্ষুদ্ৰ আৰু উপান্ত কৃষক। একেদৰে বীমাৰ সুবিধা লাভ কৰা ৫৭ শতাংশই অন্যান্য পিছপৰা জাতি, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত বুলিও তেওঁ জানিবলৈ দিয়ে। শ্রীবৈষ্ণৱে বিগত ৮ বছৰত ১ লাখ ৭০ হাজাৰ কোটি টকাৰ দাবী নিষ্পত্তি কৰি কৃষকসকলক প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।