ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 16, 2025 12:51 PM | PM Modi

printer

চাইপ্ৰাছৰ সৈতে ভাৰতৰ অৰ্থনৈতিক সম্পর্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাইপ্ৰাছ ভ্ৰমণৰ সময়ত লীমাচ্ছলত অনুষ্ঠিত এখন বাণিজ্যিক বৈঠক সম্বোধন কৰি চাইপ্ৰাছৰ সৈতে ভাৰতৰ অৰ্থনৈতিক সম্পর্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে বিগত ২৩ বছৰৰ ভিতৰত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো চাইপ্ৰাছ ভ্রমণে অর্থনৈতিক সংযোগত ভাৰতৰ গুৰুত্বক প্ৰতিফলিত কৰে। তেওঁ লগতে কয়, যে চাইপ্ৰাছ ভাৰতৰ বিশ্বাসযোগ্য অংশীদাৰ আৰু দেশখনৰ পৰা ভাৰতলৈ উল্লেখনীয় বিনিয়োগ প্রবাহিত হৈছে। বহু ভাৰতীয় উদ্যোগৰ বাবে চাইপ্ৰাছ ইউৰোপৰ প্ৰৱেশদ্বাৰ বুলি উল্লেখ কৰি তেওঁ কয়, যে দেশ দুখনৰ বৰ্তমানৰ দ্বিপাক্ষিক বাণিজ্য ১৫ কোটি ডলাৰ যদিও ভৱিষ্যতে ইয়াৰ পৰিমাণ বৃদ্ধি পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতে সামুদ্রিক আৰু বন্দৰ উন্নয়ন, জাহাজ নির্মাণ আদি খণ্ডত যথেষ্ট গুৰুত্ব আৰোপ কৰাৰ লগতে ইয়াৰ প্ৰসাৰৰ বাবে ন-ন নীতি গ্রহণ কৰিছে। সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা প্ৰৱৰ্তনে এখন ৰাষ্ট্ৰ এটা কৰৰ ধাৰণাক বাস্তৱায়িত কৰিলে বুলি তেওঁ মন্তব্য কৰে। বিগত এটা দশকত ভাৰতে ডিজিটেল বিপ্লৱৰ সাক্ষী হৈছে আৰু বিশ্বৰ ৫০ শতাংশ ডিজিটেল লেনদেন ইউপিআইৰ মাধ্যমেৰে ভাৰততে হয় বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে ।

বৈঠকত আঞ্চলিক নিৰাপত্তা, ডিজিটেল খণ্ডৰ সহযোগিতা, শিক্ষা, বিনিয়োগ তথা বাণিজ্যকে ধৰি বিভিন্ন উল্লেখনীয় বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। ভাৰত আৰু চাইপ্ৰাছৰ মিত্ৰতাত এই ভ্রমণে তাৎপর্য বহন কৰাৰ লগতে দুয়োখন দেশৰ মাজত অর্থনৈতিক, সাংস্কৃতিক, কৌশলগত মিত্ৰতা অধিক গভীৰ কৰি সহযোগিতাৰ নতুন দিগন্ত উন্মোচন কৰিব বুলি আশা কৰা হৈছে।