দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ়তাৰে ঘোষণা কৰিছে। দৰং জিলাৰ মঙলদৈত কালি জনসভাত অংশ লৈ প্ৰধানমন্ত্রী মোদীয়ে কয়, যে অনুপ্ৰৱেশকাৰীৰ কবলৰ পৰা দেশক মুক্ত কৰাৰ বাবে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ সংকল্পবদ্ধ। তেওঁ লগতে দেশৰ সম্পদ আৰু জনসাধাৰণৰ অধিকাৰৰ ওপৰত অনুপ্ৰৱেশকাৰীৰ প্ৰভূত্ব কেতিয়াও মানি লোৱা নহয় বুলি মন্তব্য কৰে। শ্ৰীমোদীয়ে ভকেল ফৰ লোকেলৰ বাবে আহ্বান জনাই গামোচাৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ সকলোকে স্বদেশত নির্মিত সামগ্রী ক্রয় আৰু উপহাৰ দিবলৈ আহ্বান জনায়। তেওঁ ভাৰত সম্প্ৰতি বিশ্বৰ দ্ৰুত বিকশিত অর্থনীতিত পৰিণত হৈছে বুলি উল্লেখ কৰি অসমকো দেশৰ অন্যতম দ্রুত বিকশিত ৰাজ্য বুলি অভিহিত কৰে। তেওঁ কয়, যে বিগত ১১ বছৰত ৰাজ্যত এখন কর্কট চিকিৎসালয় আৰু ২৪ খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। অহা ৫ বছৰত দেশত এক লাখ নতুন চিকিৎসকক সাজু কৰি তোলা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰকাশ কৰে। শ্রীমোদীয়ে কালি মঙলদৈত ৬ হাজাৰ ৩০০ কোটি টকা ব্যয়সাপেক্ষে তিনিটা বিশেষ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে কালি গোলাঘাট জিলাৰ নুমলীগড়ৰ শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰে। তেওঁ কয়, যে প্ৰকল্পই অসমৰ ৫০ হাজাৰ বাঁহ খেতিয়কক আর্থিকভাৱে সবল কৰি তোলাৰ লগতে বহনক্ষম উন্নয়নৰ পথ মুকলি কৰিব। তেওঁ কয়, যে ৫ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্রকল্পই অসম তথা দেশৰ ঔদ্যোগিক ক্ষেত্ৰখনক নতুন গতি প্ৰদান কৰিব। শ্রীমোদীয়ে কালি নুমলীগড় শোধনাগাৰৰ নতুন পলিপ্রপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পত উৎপাদিত প্লাষ্টিক আৰু অন্যান্য জৈৱ সামগ্ৰীসমূহে দেশৰ উদ্যোগ ক্ষেত্ৰখনক সমৃদ্ধ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয়, যে ভাৰতে শক্তি খণ্ডত আত্মনিৰ্ভৰ হোৱাৰ দিশত অগ্ৰসৰ হৈছে আৰু বিদেশৰ পৰা আমদানি কৰা ইন্ধনৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্রাস কৰিছে। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই জৈৱ ইথানল প্ৰকল্পৰ বাবে বছৰি প্ৰায় ৫ লাখ টন বাঁহৰ বজাৰ গঢ় লৈ উঠিব। ইয়াৰ ফলত ৰাজ্যৰ প্ৰায় ৩০ হাজাৰ পৰিয়াল উপকৃত হ’ব।
Site Admin | September 15, 2025 11:49 AM | pm cm mangaldoi
দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ’বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
