প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চত্তিশগড়ৰ নৱৰায়পুৰত নতুনকৈ নিৰ্মাণ কৰা চত্তিশগড় বিধানসভা ভৱন উদ্বোধন কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত ৰত্ন তথা দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। ভাষণ প্ৰসংগত শ্রীমোদীয়ে কয় যে সমগ্ৰ দেশত আজি বিকাশ সাধন হোৱাৰ লগতে ঐতিহ্যৰ সংৰক্ষণৰ ক্ষেত্ৰতো দেশ আগবাঢ়ি গৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো নীতি আৰু সিদ্ধান্তত এই ভাৱধাৰা প্ৰতিফলিত হয়। প্রধানমন্ত্ৰী মোদীয়ে কয় যে চত্তিশগড়ৰ নতুন বিধানসভা ভৱনটোত ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য তথা ৰাজ্যখনৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে। তেওঁ লগতে কয় যে নতুন ভৱনটো গণতন্ত্ৰৰ স্তম্ভ হিচাপে থিয় হৈ থকাৰ লগতে ভৱিষ্যত সময়ৰ বাবে চত্তিশগড়ৰ ভাগ্য নির্ণয় কৰি। ভ্ৰমণৰ অংশ হিচাপ তেঁও নৱৰায়পুৰত শহিদ বীৰনাৰায়ণ সিং স্মাৰক আৰু জনজাতি মুক্তি যুঁজাৰু সংগ্ৰহালয় পৰিদৰ্শন কৰে। এদিনীয়া ভ্ৰমণৰ অংশ হিচাপে প্রধানমন্ত্রী মোদীয়ে নৱৰায়পুৰত ব্ৰহ্মকুমাৰী শান্তি শিখৰ উন্মোচন কৰে। আধ্যাত্মিক শিকনি, শান্তি আৰু যোগাভ্যাসৰ ক্ষেত্ৰত এই কেন্দ্ৰটো আধুনিক কেন্দ্ৰ হিচাপে বিবেচিত হব। ভাষণ প্ৰসংগত শ্রীমোদীয়ে কয় যে ৰাজ্যসমূহৰ বিকাশৰ লগত দেশৰ বিকাশ জড়িত হৈ আছে। তেওঁ লগতে বিকশিত ৰাষ্ট্ৰ হিচাপে ভাৰতক গঢ়ি তোলাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাৰ কথা দোঁহাৰে। শ্ৰীমোদীয়ে ব্ৰহ্মকুমাৰীৰ দৰে সংস্থাসমূহে এই ক্ষেত্ৰত এটা উল্লেখযোগ্য ভূমিকা গ্রহণ কৰে বুলি উল্লেখ কৰে। তেওঁ লগত কয় যে এনে ধৰণৰ সংস্থাসমূহে কথাতকৈ কাম কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়ে। বিশ্ব শান্তিৰ ক্ষেত্ৰত অনাগত সময়ত কেন্দ্ৰীয় চৰকাৰ বৃহৎ মঞ্চ হিচাপে পৰিগণিত হৈ উঠিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে নৱৰায়পুৰত শ্ৰীসত্যসাই সঞ্জীৱনী চিকিৎসালয় পৰিদৰ্শন কৰে। এই চিকিৎসালয়ত তেওঁ প্ৰায় আঢ়ৈ হাজাৰ শিশুৰ সৈতে দিল কী বাত শীর্ষক কাৰ্যসূচীত শিশুসকলৰ সৈতে মত বিনিময় কৰে। এই চিকিৎসালয়খনত জন্মৰে পৰা হৃদৰোগত আক্ৰান্ত শিশুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰি অহা হৈছে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে শিশুসকলক জীৱন উপহাৰ প্ৰমাণপত্ৰ প্ৰদান কৰে ।
Site Admin | November 1, 2025 9:43 PM | PM Modi
চত্তিশগড়ৰ নৱৰায়পুৰত নতুনকৈ নিৰ্মাণ কৰা চত্তিশগড় বিধানসভা ভৱন উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ