January 2, 2026 12:30 PM | PM banda bharat

printer

এই মাহৰ শেষভাগত গুৱাহাটী আৰু কলকাতাৰ মাজত বন্দে ভাৰত শ্লীপাৰ সেৱাৰ উদ্বোধন প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই মাহৰ শেষভাগত গুৱাহাটী আৰু কলকাতাৰ মাজৰ বহু প্রত্যাশিত বন্দে ভাৰত শ্লীপাৰ সেৱাৰ উদ্বোধন কৰিব। ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে কালি এই কথা প্রকাশ কৰে। তেওঁ কয়, যে পৰৱৰ্তী ১৫-২০ দিনৰ ভিতৰত ১৮ বা ১৯ জানুৱাৰীত এই ৰে’লসেৱা মুকলি কৰা হ’ব।

মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রীক ইতিমধ্যে এই ৰে’লসেৱা মুকলি কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে আৰু সকলো প্রস্তুতি সম্পূৰ্ণ কৰা হৈছে। তেওঁ লগতে দুই-এদিনতে এই ৰে’লসেৱা মুকলিৰ নিশ্চিত দিন ঘোষণা কৰা হ’ব বুলি প্রকাশ কৰে। তেওঁ কয়, যে ৮২৩ গৰাকী যাত্রী কঢ়িয়াব পৰা ১৬ টা দবাৰ এই ৰে’লগাড়ীখনৰ গতিবেগ প্রতিঘণ্টাত ১৮০ কিলোমিটাৰ যদিও পাৰিপার্শ্বিক কাৰণত অসম আৰু পশ্চিমবংগৰ মাজত প্ৰতিঘণ্টাত ১২০ৰ পৰা ১৩০ কিলোমিটাৰ বেগেৰেহে চলাচল কৰিব। এই ৰে’ল সেৱাৰ উদ্বোধনক দেশৰ বাবে গুৰুত্বপূৰ্ণ মাইলৰ খুটি বুলি অভিহিত কৰি শ্রী বৈষ্ণরে কয়, যে বন্দে ভাৰত শ্লিপাৰ ৰে’লগাড়ীৰ ভাৰা বিমান ভাৰাতকৈ যথেষ্ট কম হ’ব।

বন্দে ভাৰত শ্লীপাৰ ৰে’লগাড়ীৰ শীতোতাপ নিয়ন্ত্রিত তৃতীয় বৰ্গৰ ভাৰা প্ৰায় দুহেজাৰ ৩০০ টকা, দ্বিতীয় বৰ্গৰ ৩,০০০ টকা আৰু প্ৰথম বৰ্গৰ ভাৰা প্ৰায় ৩ হাজাৰ ৬০০ টকা হ’ব। ইয়াৰ ভিতৰত খাদ্যৰ মূল্যও অন্তর্ভুক্ত হৈ আছে।

উল্লেখযোগ্য যে ২০২৩ চনত প্ৰৱৰ্তন কৰা ভাৰতীয় ৰে’লৰ নৱতম সংযোজন বন্দে ভাৰত ৰে’ল সেৱা এতিয়ালৈকে দিনৰ ভাগতহে চলাচল কৰিছিল। ৰে’ল মন্ত্রালয়ে ইতিমধ্যে নিশাৰ ভাগত চলাচল কৰিব পৰা বন্দে ভাৰত শ্লীপাৰ সেৱাৰ স্পীড ট্রায়েল সম্পন্ন কৰিছে আৰু এই ট্রায়েলত ৰেলগাড়ীখনে ঘণ্টাৰ সৰ্বোচ্চ ১৮০ কিলোমিটাৰৰ গতিবেগ অতিক্ৰম কৰিছে।