ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রধানমন্ত্রী বিশ্বকর্মা আঁচনিৰ অধীনত দুই কোটি ২৮ লাখ ক্ষুদ্র শিল্পী আৰু কাৰিকৰৰ নাম অন্তর্ভুক্ত

প্রধানমন্ত্রী বিশ্বকর্মা আঁচনিৰ অধীনত বর্তমানলৈ প্রায় দুই কোটি ২৮ লাখ ক্ষুদ্র শিল্পী আৰু কাৰিকৰে নাম অন্তর্ভুক্ত কৰিছে। ইয়াৰে ১৩ লাখ ৯৪ হাজাৰ হিতাধিকাৰীৰ সুকলমে নাম পঞ্জীয়ন কৰা হৈছে। এইসকলৰ ভিতৰত পাঁচ লাখ ৪২ হাজাৰৰো অধিক মহিলা। দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী জয়ন্ত চৌধুৰীয়ে লোকসভাত এটি লিখিত প্রশ্নৰ উত্তৰত কয় যে, দেশত মুঠ পাঁচ লাখ তিনি হাজাৰ ১৬১ গৰাকী আবেদনকাৰীক প্রশিক্ষণ দিয়া হৈছে। ইয়াৰে দুই লাখ ৭৪ হাজাৰ ৭০৩ গৰাকী মহিলা। তেওঁ লগতে কয় যে, কর্ণাটকৰ পৰা সর্বাধিক সংখ্যক আবেদনকাৰীয়ে পঞ্জীয়ন কৰিছে। ৰাজ্যখনৰ এক লাখ ১ হাজাৰ প্রার্থীয়ে মৌলিক দক্ষতা প্রশিক্ষণৰ প্রমাণপত্র লাভ কৰাৰ পিছত জম্মু-কাশ্মীৰৰ ৮১ হাজাৰ আৰু গুজৰাটৰ ৭১ হাজাৰ প্রার্থীয়ে প্রমাণপত্র লাভ কৰে। ইয়াৰ লগতে তেওঁ কয় যে, কর্ণাটক, অন্ধ্রপ্রদেশ আৰু গুজৰাটত সর্বাধিক ৮৫ হাজাৰৰো অধিক মহিলাই মৌলিক দক্ষতা প্রশিক্ষণৰ প্রমাণপত্র লাভ কৰিছে। উল্লেখযোগ্য যে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোৱা ছেপ্তেম্বৰ মাহত ১৮টা কর্মক সামৰি প্রধানমন্ত্রী বিশ্বকর্মা আঁচনি মুকলি কৰিছিল।