January 17, 2026 6:53 PM | PM banda bharat

printer

আজি কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ মালদহ টাউন ৰেল ষ্টেচনৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰেলগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰে। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহন চাহিদা অনুযায়ী নিৰ্মাণ কৰা সম্পূৰ্ণৰূপে শীত-তাপ নিয়ন্ত্রিত এই ৰেলগাড়ীখনে বহনসাধ্য দৰত যাত্রীসকলক বিমান যাত্ৰাৰ দৰে সুবিধা আৰু অভিজ্ঞতা প্রদান কৰিব। এই ৰে’লগাড়ীখনে দূৰণিবটীয়া যাত্রা অধিক ক্ষিপ্র, নিৰাপদ আৰু সুবিধাজনক কৰি তুলিব বুলি আশা কৰা হৈছে।

ইপিনে, এই উপলক্ষে মালিগাঁওৰ কামাখ্যা ষ্টেছনত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, যে এই ৰেলসেৱাই গুৱাহাটী আৰু কলকাতাৰ মাজৰ যাতায়াত ব্যৱস্থা সূচল কৰাৰ লগতে যাত্ৰীৰ সময় ৰাহি কৰিব। এই অত্যাধুনিক ৰেলখনে ঐতিহাসিক আৰু সাংস্কৃতিকভাবে বান্ধ খাই থকা দুয়োখন ৰাজ্যৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত গুৱাহাটীৰ পৰা হাওৰালৈ ৰেল সেৱা মুকলিৰ বাবে প্রধানমন্ত্রী মোদী আৰু কেন্দ্রীয় ৰেল মন্ত্রী অশ্বিনী বৈষ্ণৱক কৃতজ্ঞতা জ্ঞাপন কৰে। অসম প্রদেশ বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াইও ৰঙিয়া ষ্টেছনৰ পৰা পতাকা জোকাৰি ৰেলযাত্ৰাৰ শুভাৰম্ভ কৰে।