January 16, 2026 12:35 PM | PM Modi

printer

কাইলৈ নতুন বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ৰে’ল গাড়ীকে ধৰি কেইবাখনো ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ হাওৰা আৰু অসমৰ কামাখ্যা সংযোগী নতুন বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ৰে’ল গাড়ীকে ধৰি কেইবাখনো ৰে’লৰ যাত্ৰাৰ কাইলৈ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিবলগীয়া আন ৰে’লগাড়ীসমূহ হৈছে- নিউ জলপাইগুৰি-নাগেৰকইল অমৃত ভাৰত এক্সপ্ৰেছ, নিউ জলপাইগুৰি-তিৰুচিৰাপল্লি অমৃত ভাৰত এক্সপ্ৰেছ, আলিপুৰদুৱাৰ-এছ এম বি টি বেংগালুৰু অমৃত ভাৰত এক্সপ্ৰেছ, আলিপুৰদুৱাৰ-মুম্বাই পনৱেল অমৃত ভাৰত এক্সপ্ৰেছ, ৰাধিকাপুৰ-এছ এম বি টি বেংগালুৰু মেইল এক্সপ্ৰেছ আৰু বেলুৰঘাট-এছ এম বি টি বেংগালুৰু মেইল এক্সপ্ৰেছ। এই ৰে’লসমূহৰ শুভাৰম্ভণিৰ ফলত পশ্চিমবংগ, অসম, বিহাৰ, উড়িশা, অন্ধ্রপ্রদেশ, কর্ণাটক, তামিলনাড়ু, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ মাজত যোগাযোগ সুচল হৈ উঠিব। তদুপৰি ৰে’লৱে খণ্ডত এই পদক্ষেপে অসমৰ কামৰূপ মহানগৰ, বঙাইগাঁও আৰু কোচ বিহাৰ, পশ্চিমবংগৰ জলপাইগুৰি, মালডা, মুর্ছিদাবাদ, পূর্ববর্ধমান, হুগলী আৰু হাওৰাৰ দৰে অঞ্চলসমূহত বাণিজ্য, পর্যটন আৰু সামাজিক অর্থনৈতিক বিকাশত সহায় কৰিব। শ্রী মোদীয়ে অহা দেওবাৰে হাওৰা-আনন্দ বিহাৰ টার্মিনেল অমৃত ভাৰত এক্সপ্ৰেছ, শিয়ালদহ-বাৰানসী অমৃত ভাৰত এক্সপ্ৰেছ আৰু ছন্তৰাগাছী-তাম্বাৰাম অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল গাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব।